অসম

assam

HIV Cases in Kokrajhar: কোকৰাঝাৰত 314 গৰাকী ব্যক্তি এইচ আই ভি পজিটিভ

By

Published : Jan 9, 2022, 3:45 PM IST

Updated : Jan 9, 2022, 4:14 PM IST

কোকৰাঝাৰত এইড আই ভি সম্পৰ্কীয় সজাগতা কৰ্মশালা ৷ বৰ্তমান জিলাখনত আছে 314 গৰাকী এইডছ আক্ৰান্ত ৰোগী ৷

কোকৰাঝাৰ, 9 জানুৱাৰী :কোকৰাঝাৰ জিলা এইডছ্ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত শনিবাৰে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এইডছ আৰু এইচ আই ভিৰ ওপৰত এখন আইনী সাক্ষৰতা সজাগতা (Awareness program on HIV) কৰ্মশালা অনুষ্ঠিত হয় ৷ উক্ত কৰ্মশালাত জিলা আইনী সেৱা অথৰিটিৰ সম্পাদক বলোৰাম কুঠৰীয়ে এইচ আই ভিত আক্ৰান্ত হোৱা ৰোগীৰ প্ৰাপ্য আইনী অধিকাৰ সমুহৰ বিষয়ে বিতংকৈ বাখ্যা কৰে ৷

কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ ক্ষেত্ৰত এতিয়াৰে পৰা নতুনকৈ গৃহীত হোৱা আইনৰ দ্বাৰা কঠোৰ ব্যৱস্থা ল’ব পাৰি বুলি কৰ্মশালাত উপস্থিত সকলোকে অৱগত কৰোৱা হয় ৷ জিলা আইনী সেৱা অথৰিটিৰ সম্পাদক বলোৰাম কথৰিয়ে এইডছ / এইচ আই ভি আক্ৰান্ত ৰোগীৰ পৰিচয় ৰাজহুৱা কৰিব নোৱাৰি বুলি উল্লেখ কৰে ৷ তদুপৰি আক্ৰান্ত ৰোগীয়ে চিকিৎসাসেৱা লাভ কৰা আৰু ঔষধপ্ৰাপ্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ আছে বুলি উল্লেখ কৰে বলোৰাম কথৰিয়ে ৷

কোকৰাঝাৰত 314 গৰাকী ব্যক্তি এইচ আই ভি পজিটিভ

ইপিনে কৰ্মশালাত উপস্থিত থকা জিলা এইডছ বিষয়া ডাঃ কৌশিক দাসে সংবাদমাধ্যমৰ আগত ড্ৰাগছ, অসুৰক্ষিত যৌনকাৰ্য, অসুৰক্ষিতভাৱে তেজ লোৱা, পিতৃ-মাতৃৰ পৰা সন্তানে জন্মাৱস্থাতেই আক্ৰান্ত হৈ অহাৰ পৰিণতিতে জিলাখনত এইডছ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বঢ়া বুলি উল্লেখ কৰিছে ৷

বৰ্তমান জিলাখনত 314 গৰাকী এইডছ আক্ৰান্ত ৰোগী আছে বুলি উল্লেখ কৰি ডাঃ কৌশিক দাসে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই (HIV Cases in Kokrajhar) ৷ এইডছ আক্ৰান্ত ৰোগীক অৱজ্ঞা, অৱহেলাৰ চকুৰে নাচাবলৈও অনুৰোধ সকলোকে । শনিবাৰৰ কৰ্মশালাত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ এ.এছ শৰ্মা, বিটিআৰৰ স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডাঃ জে.আহমেদ, চিকিৎসক ওৱাছিম বৰী, আইচিটিচিৰ পৰামৰ্শদাতা প্ৰীতিলতা তালুকদাৰ উপস্থিত আছিল ৷

লগতে পঢ়ক:নিমাতীঘাটৰ ফেৰী দুর্ঘটনা প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক নিযুক্তি পত্ৰ প্ৰদান

Last Updated : Jan 9, 2022, 4:14 PM IST

ABOUT THE AUTHOR

...view details