অসম

assam

By

Published : Mar 23, 2019, 11:53 PM IST

ETV Bharat / state

অখিল গগৈ এজন দালালী নেতাঃ বলেন বৈশ্য

855 জন শ্বহীদক হত্যা কৰা কংগ্ৰেছ দলৰ নিৰ্বাচনী দালালী কৰাৰ ষড়যন্ত্ৰ ৰচিছে অখিল গগৈয়ে

হিন্দু যুৱ ছাত্ৰ পৰিষদ

কোকৰাঝাৰ, ২৩ মাৰ্চ: কৃষক নেতা অখিল গগৈয়ে বিজেপি মিত্ৰজোঁট চৰকাৰক ভোট নিদিবলৈ আহ্বান জনোৱাৰ পাচতে জাঙুৰ খাই উঠিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ ৷ শনিবাৰে সংগঠনটোৰ কোকৰাঝাৰ জিলা কমিটিৰ পুনৰ গঠন সভাত ভাগ লৈ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য কয়, 'অখিল গগৈ এজন দালাল গিৰী নেতা হিচাপেহে কাম কৰি আহিছে, এজন কৃষক নেতা দৰে নহয় ৷ যাৰ কাৰণে ৮৫৫ জন শ্বহীদক হত্যা কৰা কংগ্ৰেছ দলৰ নিৰ্বাচনী দালালি কৰাৰ ষড়যন্ত্ৰ ৰচিছে অখিল গগৈয়ে ৷ ’লগতে কয়, যদিহে বিজেপি, এজিপি, বিপিএফক ভোট দিব নালাগে তেতিয়া হ’লে কাক ভোট দিব লাগে সেয়া অখিল গগৈয়ে পোনপটীয়াকৈ জনাই দিব লাগে বুলিও মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

হিন্দু যুৱ ছাত্ৰ পৰিষদ

ABOUT THE AUTHOR

...view details