কোকৰাঝাৰ, 5 ফেব্ৰুৱাৰী:ৰাজ্যত বিজেপি চৰকাৰ গঠনত হিন্দু বঙালী সকলে এক শক্তিশালী ভূমিকা লোৱা স্বত্বেও অসমৰ হিন্দু বঙালীসকলে প্ৰাপ্য সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰচনৰ সভাপতি দীপক দে’য়ে (All Assam Bengali Youth Federation) ৷ শনিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰচনৰ কেন্দ্ৰীয় সভাপতি দীপক দে'য়ে এই অভিযোগ উত্থাপন কৰে (Hindu Bengalis deprived of government facilities) ।
তেওঁ কয় যে, ৰাজ্যখনৰ আন জাতি-জনগোষ্ঠীৰ সমস্যাবোৰ সমাধানৰ বাবে অসম চৰকাৰে যেনেদৰে পদক্ষেপ গ্ৰহণ কৰিছে তেনেদৰে হিন্দু বঙালীৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই ৷ বিগত সাতটা বছৰত হিন্দু বঙালীসকলে কি পালে বুলি প্ৰশ্ন উত্থাপন কৰি ৰাজ্যত বিজেপিৰ চৰকাৰ গঠনত হিন্দু বঙালীসকলৰ যথেষ্ট অৱদান থকা স্বত্বেও আজি হিন্দু বঙালীসকল প্ৰাপ্য চৰকাৰী সা-সুবিধাৰ পৰা চৰমভাৱে বঞ্চিত হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সংবাদমেলত ৷
ইয়াৰ বিপৰীতে হিন্দু বঙালীসকলক ডি-ভোটাৰ সজোৱা, ডিটেনশ্যন কেম্পত হিন্দু বঙালী সকলে মৃত্যুক সাৱটি লোৱা, দহ লাখ বঙালীৰ নাম NRC ৰ পৰা কৰ্তন হোৱা, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ পৰা বঞ্চিত আদি নানা ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ আছে ৷ তৎস্বত্বেও হিন্দু বঙালীসকলৰ আজিও বিজেপি চৰকাৰৰ প্ৰতি আস্থা আছে আৰু আশাবাদী বুলি মন্তব্য কৰি ফেডাৰেচনৰ সভাপতি দীপক দে'য়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) হিন্দু বঙালীসকলৰ সমস্যাসমুহ সমাধান কৰাৰ বাবে আহ্বান জনায় (Demand to solve Hindu Bengali problem) ৷