অসম

assam

গোসাইগাঁৱৰ ডিংডিঙাত বিজেপিৰ নিৰ্বাচনী সভা

By

Published : Nov 28, 2020, 7:44 PM IST

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ডিংডিঙাত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী জনসভা ৷ গোসাইগাঁও মহকুমাৰ ডিংডিঙাৰ মৰণৈ চাহ বাগিছা ফুটবল খেলপথাৰত অনুষ্ঠিত বিজেপিৰ এই নিৰ্বাচনী সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্বজিত দৈমাৰী ৷

himanta-election-camping
গোসাইগাঁৱৰ ডিংডিঙাত বিজেপিৰ নিৰ্বাচনী সভা

কোকৰাঝাৰ, 28 নৱেম্বৰ: ক্ৰমাৎ বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ বিটিআৰত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷

গোসাইগাঁৱৰ ডিংডিঙাত বিজেপিৰ নিৰ্বাচনী সভা
শনিবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ডিংডিঙাত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী জনসভা ৷ গোসাইগাঁও মহকুমাৰ ডিংডিঙাৰ মৰণৈ চাহ বাগিছা ফুটবল খেলপথাৰত অনুষ্ঠিত বিজেপিৰ এই নিৰ্বাচনী সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্বজিত দৈমাৰী ৷ ৩নং পৰিষদীয় শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী সঞ্জীৱ দত্তৰ হৈ এই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে নেতা কেইগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details