কোকৰাঝাৰ, ১৯ এপ্ৰিলঃ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ । নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াক সমালোচনা মন্ত্ৰী গৰাকীৰ ।
কোকৰাঝাৰত প্ৰমিলাৰাণীৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ - নিৰ্বাচনী প্ৰচাৰ
মন্ত্ৰী হিমন্তই ভাষণ প্ৰসংগত উল্লেখ কৰে যে, 1 টকাত চাউল দিয়াৰ উপৰিও বজাৰতকৈ অৰ্ধ দামত কেৰাচিন আৰু চেনিও দিয়া হ’ব ৷

5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ সপক্ষে কোকৰাঝাৰৰ কালিপুখুৰীত অনুষ্ঠিত হোৱা এক বিশাল নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ আহ্বান জনায় । কোচ ৰাজবংশীক জনজাতিকৰণ কৰা হ’ব বুলি মন্তব্য কৰি নিৰ্দলীয় প্ৰাৰ্থীসকলৰ কোনো কাম নাই বুলি মন্তব্য কৰে । নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই নিজৰ নিৰাপত্তাৰ বাবেহে সাংসদ হয় আৰু অসম চৰকাৰৰ ওচৰত নিৰ্ভৰশীল আৰু সেই নৱ কুমাৰ শৰণীয়াই ৰাইজক কি নিৰাপত্তা দিব বুলি প্ৰশ্ন মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ । লগতে ভাষণ প্ৰসংগত উল্লেখ কৰে যে, 1 টকাত চাউল দিয়াৰ উপৰিও বজাৰতকৈ অৰ্ধ দামত কেৰাচিন আৰু চেনিও দিয়া হ’ব ৰাইজক ৷ তাৰোপৰি হিমন্ত বিশ্ব শৰ্মাই বড়ো-অবড়োৰ ৰাজনীতি পৰিত্যাগ কৰি বিজেপি,বিপিএফৰ উন্নয়ন-প্ৰগতিত সকলোকে একগোট হৈ প্ৰমিলাৰাণীক ভোট দি জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় । তদুপৰি উত্তৰ-পূৱত বিজেপি মিত্ৰজোঁটে 18 পৰা 21 খন আসন পাব বুলি দাবী কৰে মন্ত্ৰী গৰাকীয়ে । উক্ত নিৰ্বাচনী সভাত কেশৱ মহন্ত ,ফণীভূষণ চৌধুৰী লগতে চন্দন ব্ৰহ্মও উপস্থিত থাকে ।