কোকৰাঝাৰ, ১১অক্টোবৰ :"আপোনালোকে পদুম ফুল আৰু ট্ৰেক্টৰক ভোট দি থাকিব । আমিও গৰুৱে যেনেকৈ গাখীৰ দি থাকে তেনেকৈ আপোনালোকক আঁচনি দি থাকিম । মাত্ৰ যুগে যুগে আমি থাকিম । যুগে যুগে আমি অৰুণোদয় আঁচনি দি থাকিম । "এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বুধবাৰে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক "অৰুণোদয় পৰিচয়পত্ৰ" আনুষ্ঠানিকভাৱে প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য আগবঢ়ায় । তেওঁ পুনৰ কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ল সূৰ্য আৰু আমি চন্দ্ৰ । সূৰ্যই পোহৰ দিলেহে আমি পোহৰ পাও । নৰেন্দ্ৰ মোদী যাতে সদায় ভালে থাকে তাৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বিৰোধী কটাক্ষ কৰি কয়," বিৰোধীয়ে কৈছিল অৰুণোদয় আঁচনি নিৰ্বাচনকেন্দ্ৰিক,বন্ধ হৈ যাব । বন্ধ হোৱাতো দুৰৰ কথা আমি হিতাধিকাৰীৰ সংখ্যা বঢ়াইছো,আৰ্থিক সাহায্য়ও ১২৫০ টকালৈ বৃদ্ধি কৰিছো ।" ৰেচন কাৰ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ যোগেদি চাউলৰ লগতে পাঁচ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব । জনসাধাৰণৰ সুবিধাৰ্থে চৰকাৰে নতুন নতুন কাম কৰি যাব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীৰ স্থিতিক নস্যাৎ কৰে । তেওঁ কয় আজি অৰুণোদয় ,১৩ অক্টোবৰত চাইকেল বিতৰণ, ১৬ অক্টোবৰত মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই প্ৰদান কাৰ্যসূচী, নৱেম্বৰত স্কুটী, ২ লাখ লৰা-ছোৱালীক দুই লাখ টকাকৈ ঋণ প্ৰদান, ৪০ হাজাৰ আত্মসহায়ক গোটক ১০ হাজাৰকৈ টকাৰ অনুদান আৰু শীঘ্ৰেই পুনৰাই ২২ হাজাৰ চাকৰি প্ৰদান কৰা হ'ব ।
এইবোৰৰ ধুমুহাত অসমত ক'ত কোন বিৰোধী পাৰ্টী তিষ্ঠি থাকিব বুলি মন্তব্য কৰি অৰুণোদয়ৰ ধুমুহাই বিৰোধীক উৰুৱাই লৈ যাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ৷ উল্লেখ্য যে কোকৰাঝাৰত প্ৰথম পৰ্যায়ত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা আছিল ৪০ হাজাৰ আৰু দ্বিতীয় পৰ্যায়ত নতুনকৈ ১৪৭০৫ গৰাকী হিতাধিকাৰী বাচনি কৰা হৈছে । তদুপৰি ইন্দিৰা মিৰি বৃদ্ধ পেঞ্চন যোজনাৰ ৩৫০০ গৰাকী হিতাধিকাৰী আৰু দীনদয়াল দিব্যাংগ আঁচনিৰ ২৫০০ গৰাকী হিতাধিকাৰীক অৰুণোদয় আঁচনিত সংলগ্ন কৰা হৈছে । প্ৰণিধানযোগ্য যে আজি অৰুণোদয় হিতাধিকাৰীৰ মাজত "অৰুণোদয় পৰিচয়পত্ৰ" বিতৰণ অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো,বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী, জিৰণ বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু জিলা আয়ুক্তই অংশগ্ৰহণ কৰে । বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে উক্ত কাৰ্যসূচীত আদৰণি ভাষণ দিয়ে ।