কোকৰাঝাৰ ২ জানুৱাৰী: শনিবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিজেপিৰ সাংগঠনিক সভাত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও আগন্তুক বিধানসভা নিৰ্বাচনত ইউপিপিএলৰ সতে মিত্ৰতা হ’ব বুলি মন্তব্য কৰাৰ পিছতেই বিপিএফ আৰু বিজেপিৰ পাঁচ বছৰীয়া মিত্ৰতাৰ যে অন্ত পৰিল সেয়া কাৰ্যত স্পষ্ট হৈ পৰিছে । বিজেপি আৰু বিপিএফৰ মিত্ৰতা এতিয়া ভংগ হোৱাৰ বাবে মাথো আনুষ্ঠানিকতাহে বাকী আৰু সেয়া অহা ২৪ জানুৱাৰীত গৃহমন্ত্ৰীৰ উপস্থিতিত ইউপিপিএলৰ সতে অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পিছতে হয়তো মিত্ৰতাৰ অৱসান ঘটিব ।
বিপিএফ বিজেপিৰ মিত্ৰতা অন্তৰ দিশে; বিজেপিৰ নতুন মিত্ৰ হ’ব ইউপিপিএল আৰু জিএছপি কোকৰাঝাৰ চিকনাঝাৰ টাইকোৱানডো জিমনেচিয়ামত শনিবাৰে বিজেপিৰ সাংগঠনিক সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বৰ্তমান বিজেপিৰ ইউপিপিএল আৰু জিএছপিৰ সতে যি নতুন মিত্ৰতা হৈছে সেই মিত্ৰতাক সাৰথি কৰিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা আগবঢ়োৱা হ’ব । হাগ্ৰামা আমাৰ আদৰ্শ নহয় , আমাৰ আদৰ্শ নৰেন্দ্ৰ মোডী বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই বিটিচিত ইমানদিনে যি ব্যক্তিপুজা আৰু তুষ্টিকৰণৰ ৰাজনীতি চলিছিল সেয়া ভোটাৰ ৰাইজে অন্ত পেলাবলৈ সাজু হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
যি সময়ত বিপিএফৰ সৈতে মিত্ৰতা আছিল সেই সময়ছোৱাত বিজেপিৰ নিৰ্বাচিত সদস্য ধৰ্ম নাৰায়ন দাসক কাৰ্যবাহী সদস্য দিবলৈ হাগ্ৰামা মহিলাৰীক অনুৰোধ কৰা সত্বেও হাগ্ৰামা মহিলাৰীয়ে সেয়া একেষাৰে নাকচ কৰিছিল আৰু আজি সেই বিটিচিতে বিজেপি দলৰ পৰা কেইবাগৰাকী সদস্যই কাৰ্যবাহী সদস্যৰ পদ লাভ কৰিছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।
ইপিনে বিটিচিত উন্নয়নৰ নামত কেৱল দুৰ্নীতি ভ্ৰষ্টাচাৰ হোৱা বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু মুখ্য সচিবৰ লগত হোৱা আলোচনা মৰ্মে তেওঁ এই কথা জানিবলৈ পাইছে যে, বকেয়া আদায় দিবলৈ বিটিচিৰ এতিয়াও ২৩৫০ কোটি টকা বাকী আছে অথচ চলিত বিত্তীয় বছৰত বিটিচিয়ে ৬৭৩ কোটিহে লাভ কৰিব । এয়া কেনেকৈ হ'ল আৰু ক’ত কেনেকৈ হিচাপ মিলাব সেয়া অসম্ভৱ কথা বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই ৷
আনহাতে যিবোৰ ভূৱা আঁচনি , যিবোৰ আঁচনিৰ এতিয়াও কাম হোৱা নাই বা যোগান ধৰা হোৱা নাই সেইবোৰ প্ৰত্যাহাৰ কৰি যিবোৰ প্ৰকৃত সেই খিনিৰ ধন আৱণ্টন দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য চৰকাৰে বিটিচিৰ উন্নয়ন গতি তৰাম্বিত কৰাৰ বাবে অতিৰিক্ত ধন মোকোলাই দিয়াৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইপিনে অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত 15 হেজাৰ শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হ’ব বুলি সদৰী কৰিছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়কঃ অসম ৰাইফলছৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিদ্যালয়