অসম

assam

By

Published : May 9, 2019, 9:41 PM IST

ETV Bharat / state

কোকৰাঝাৰত এন আৰ চিৰ শুনানীক লৈ দুটা ভাগত বিভক্ত দল সংগঠন

কোকৰাঝাৰত প্ৰশাসনে নতুনকৈ এন আৰ চিৰ আপত্তিৰ শুনানি জাৰী কৰালৈ পুনৰ বি টি এডি উত্তপ্ত হোৱাৰ সম্ভৱনা প্ৰকট হৈ উঠিছে ৷ জিলা প্ৰশাসনে ৬ মে’ৰ পৰা আৰম্ভ কৰিছে অভিযুক্ত আৰ এন নম্বৰৰ পৰিয়ালৰ সদস্যৰ শুনানী প্ৰক্ৰিয়া ৷

কোকৰাঝাৰত চলি আছে এন আৰ চি কেন্দ্ৰত হেয়াৰিং প্ৰক্ৰিয়া

কোকৰাঝাৰ 9 মে: বি টি এডিৰ কোকৰাঝাৰত এন আৰ চিৰ আপত্তিকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰত জাতীয় দল-সংগঠনসমূহে মেৰু বিভাজন ঘটি হাৰাশাস্তিৰ বাবে জগৰীয়া কৰি আঙুলি টোৱাইছে আছু আৰু এবছুক ৷ আনকি এচাম ছদ্মবেশী লোকে হকে-বিহকে আপত্তিৰ বাবে অভিযোগ দাখিল কৰিছে সংশ্লিষ্ট এন আৰ চি কেন্দ্ৰসমূহত ৷ যাৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত ৷ এই সংক্ৰান্তত জিলা প্ৰশাসনে ৬ মে’ৰ পৰা আৰম্ভ কৰিছে অভিযুক্ত আৰ এন নম্বৰৰ পৰিয়ালৰ সদস্যৰ শুনানী প্ৰক্ৰিয়া ৷

কোকৰাঝাৰত চলি আছে এন আৰ চি কেন্দ্ৰত হেয়াৰিং প্ৰক্ৰিয়া

ইপিনে প্ৰশাসনে নতুনকৈ এন আৰ চিৰ আপত্তিৰ শুনানী জাৰী কৰালৈ পুনৰ বি টি এডি উত্তপ্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ অৱশ্যে এই ক্ষেত্ৰত কোকৰাঝাৰৰ জিলা উপায়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় বুলি সাংবাদিকৰ আগত উল্লেখ কৰে।

ABOUT THE AUTHOR

...view details