কোকৰাঝাৰ, ২৩ ফেব্ৰুৱাৰী : মঙলবাৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত 'ৰোগ নিৰ্মূল বি টি আৰ' অভিযানৰ অংশ হিচাপে সজাগতামূলক কাৰ্যসূচী আৰু স্বাস্থ্য মেলা অনুষ্ঠিত হয় । বিটিআৰ পৰিষদীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হয় । উক্ত কাৰ্যসূচীত বহু লোকৰ স্বাস্থ্য পৰীক্ষা কৰি ৰোগীসকলক বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয় ।
ফকিৰাগ্ৰামত 'ৰোগ নিৰ্মূল বি টি আৰ' অভিযান - স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ
বিটিআৰ পৰিষদীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আৰম্ভ হৈছে 'ৰোগ নিৰ্মূল বি টি আৰ' অভিযান । মঙলবাৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত 'ৰোগ নিৰ্মূল বি টি আৰ' অভিযানৰ অধীনত সজাগতা সভা আৰু স্বাস্থ্য মেলা অনুষ্ঠিত হয় ।
বি টি আৰৰ চাৰিওখন জিলাকে ৰোগমুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ হৈছে বুলি মন্তব্য কৰে বি টি আৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই । স্বাস্থ্যই পৰম ধন বুলি উল্লেখ কৰি সু-স্বাস্থ্যৰ অধিকাৰী হ'বলৈ সকলোৱে যত্ন কৰা উচিত বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে ।
গুৱাহাটী আৰু ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানত পুনৰ কৰ'ণা আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা সন্দৰ্ভত তেওঁ কয় যে, মহামাৰীৰ পৰা ৰক্ষা পাবলৈ সঘনাই হাত ধোৱা, মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰাকে ধৰি সকলো সাৱধনতা অৱলম্বন কৰিব লাগিব ।
লগতে পঢ়ক:চিৰাঙত ধৰ্মীয় সমাৰোহ বাথৌ গৌথুমৰ সামৰণি