কোকৰাঝাৰত গ্ৰেপ্তাৰ এজন এনডিএফবি (এছ) কেডাৰ
কোকৰাঝাৰত আটক কৰে এজন দুৰ্ধৰ্ষ এনডিএফবি (এছ) কেডাৰক ৷ ভাৰত ভূটান সীমান্তপৰ্টী লাবাইনোপুৰ অঞ্চলৰ পৰা কোকৰাঝাৰ আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত আটক কৰে থুম্বা ব্ৰহ্ম ওৰফে থৈছম নামৰ এন ডি এফবি(এছ) কেডাৰগৰাকীক ৷
কোকৰাঝাৰ,18 জুলাই : কোকৰাঝাৰত বৃহস্পতিবাৰে আটক কৰে এজন দুৰ্ধৰ্ষ এনডিএফবি (এছ) কেডাৰক ৷ কোকৰাঝাৰ জিলাৰ বিসমূৰীয়া আৰক্ষী চকী অন্তৰ্গত ভাৰত ভূটান সীমান্তপৰ্টী লাবাইনোপুৰ অঞ্চলৰ পৰা কোকৰাঝাৰ আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত আটক কৰে থুম্বা ব্ৰহ্ম ওৰফে থৈছম নামৰ এন ডি এফবি(এছ) কেডাৰগৰাকীক ৷ ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত 42 বেটেলিয়ানৰ কেডাৰগৰাকীৰ লগত আন এজন এনডিএফবি কেডাৰৰ সৈতে ভাৰত ভূটান সীমান্ত অঞ্চলৰ উল্টাপানী লাবাইনপূৰ অঞ্চলত বাহাৰ পাতি আছিল, এই খবৰ পাই কোকৰাঝাৰ আৰক্ষী লগত সেনাবাহিনী দলক লগতলৈ কৰা অভিযানত এজন কেডাৰ আটক হোৱাৰ বিপৰীতে আন এজন পলাবলৈ সক্ষম হয় । থুম্বা ব্ৰহ্ম ওৰফে থৈছম নামৰ কেডাৰ জনৰপৰা আৰক্ষীয়ে জব্দ কৰে এটা 7.65 এমএম পিষ্টল, দুই জাই সজীৱ গুলী,খুকুৰী দা, 14,600 টকা আৰু কিছু নথিপত্ৰ ।