কোকৰাঝাৰ, 8 ডিচেম্বৰঃ বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান মঙলবাৰে অন্ত পৰিব ৷ কোকৰাঝাৰৰ ফকিৰাগ্ৰামত অন্তিমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।
ইপিনে হাগ্ৰামা মহিলাৰীয়ে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰা দেখা যায় ৷ হাগ্ৰামাই কয়, নিজৰ মান সন্মান ৰক্ষা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই ভোট গণনাৰ পূৰ্বেই মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰা উচিত । কিয়নো বিটিচিত এখনো আসন নাপায় বিজেপিয়ে । বিপিএফে ৩০ ৰো অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব ।