অসম

assam

By

Published : Apr 7, 2021, 10:58 AM IST

ETV Bharat / state

বিটিচিত হাগ্ৰামাই এজনো বিধায়কক জয়ী কৰাব নোৱাৰে : প্ৰমোদ বড়ো

বিটিচিত চৰকাৰ গঠনৰ পূৰ্বে দিছপুৰত চৰকাৰ গঠন কৰিব বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ মঙলবাৰে ভোটদান কৰি এই মন্তব্য হাগ্ৰামাৰ ৷ আনহাতে, হাগ্ৰামা মহিলাৰীয়ে বিটিচিত এগৰাকীও বিধায়কক জয়ী কৰাব নোৱাৰে বুলি হাগ্ৰামাক কটাক্ষ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ ৷

hagrama-mohilary-vs-pramod-boro
হাগ্ৰামা মহিলাৰী বনাম প্ৰমোদ বড়ো

কোকৰাঝাৰ,7 এপ্ৰিল : মঙলবাৰে কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ ভোট সাব্যস্ত কৰি সংবাদ মাধ্যমযোগে মহাজোঁটে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয় বুলি দাবী কৰে হাগ্ৰামাই । ইয়াৰ বিপৰীতে হাগ্ৰামাৰ দাবীক নস্যাৎ কৰি এইবাৰো ৰাজ্যত বিজেপি মিত্ৰজোঁটৰেই চৰকাৰ গঠন হ’ব বুলি দাবী কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

হাগ্ৰামা মহিলাৰী বনাম প্ৰমোদ বড়ো

সংবাদ মাধ্যমযোগে হাগ্ৰামা মহিলাৰীয়ে কয় যে, "মোৰ লক্ষ্য হ’ল বিটিচিত চৰকাৰ গঠন কৰা ৷ অৱশ্যে ইয়াৰ পূৰ্বে দিছপুৰত চৰকাৰ গঠন কৰিম । মহাজোঁটে 70+ আসন লাভ কৰিব । লগতে তিনিওটা পৰ্যায়তে মহাজোঁটে অতি ভাল ফলাফল প্ৰদৰ্শন দেখুৱাব" । ইফালে, বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰিবনে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী কোন হ’ব, কোন নহ’ব সেয়া মহাজোঁটৰ কথা বুলি কৈ উক্ত বিষয়টো এৰাই চলে বিপিএফৰ সভাপতি গৰাকীয়ে ।

আনহাতে, ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰি ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে এখন সুস্থ সবল চৰকাৰ গঠনৰ প্ৰয়োজনীয়তা আছে বুলি সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ’ব বুলি দাবী কৰা সন্দৰ্ভত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে নিজৰ প্ৰতিক্ৰিয়াত সেয়া একেষাৰে নাকচ কৰে ৷

লগতে, হাগ্ৰামা মহিলাৰীয়ে বিটিচিত এগৰাকীও বিধায়কক জয়ী কৰাব নোৱাৰে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ এইক্ষেত্ৰত হাগ্ৰামা মহিলাৰীয়ে সপোন দেখা বুলি মন্তব্য কৰি হাগ্ৰামাৰ সপোন কেতিয়াও দিঠকত পৰিণত নহয় বুলি কটাক্ষ কৰে ইউপিপিএলৰ সভাপতি বড়োৱে ৷

লগতে পঢ়ক :কায়স্থগ্ৰাম ৰে'ল ষ্টেচনৰ কাষত উদ্ধাৰ যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details