অসম

assam

প্ৰমোদ বড়োক মিছলীয়া বুলি ক'লে হাগ্ৰামাই !

By

Published : Feb 13, 2020, 5:09 PM IST

প্ৰমোদ বড়োক মিছলীয়া আখ্যা হাগ্ৰামা মহিলাৰীৰ ৷ সংবাদ মেলত ক'লে ৰাজনীতিলৈ আহি অধিক মিছা মাতিব প্ৰমোদ বড়োৱে ৷ আনহাতে, উৰ্খাও গৌড়া ব্ৰহ্মক বিশেষ অফাৰ দিছে হাগ্ৰামাই ৷

Hagrama mohilary said pramod boro is a lier
হাগ্ৰামা মহিলাৰীৰ সংবাদমেল

কোকৰাঝাৰ, 13 ফেব্ৰুৱাৰী :কোকৰাঝাৰৰ হোটেল গৌৰাং ভেলীত বৃহস্পতি বাৰে এখন সংবাদমেল সম্বোধন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ সংবাদ মেলত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুক তীব্ৰ সমালোচনা হাগ্ৰামা মহিলাৰীৰ ৷ বুধবাৰে এবছুৰ সভাপতি পদৰ পৰা অব্যাহতি লোৱা প্ৰমোদ বড়োক মিছলীয়া আখ্যা হাগ্ৰামা মহিলাৰীৰ ৷ হাগ্ৰামাই কয় যে, প্ৰমোদ বড়োক ৰাজনীতিলৈ স্বাগতম জনাইছো ৷ এবছুত থাকোতে তেওঁ মিছা কথা কৈছিল আৰু এতিয়া ৰাজনীতিলৈ অহাৰ পাচত দুগুণ মিছা কথা ক'ব প্ৰমোদ বড়োৱে ৷

প্ৰমোদ বড়োক মিছলীয়া আখ্যা হাগ্ৰামাৰ

আনহাতে অনাগত দিনত বিপিএফ আৰু বিজেপিৰ মিত্ৰতা অখুন্ন থাকিব বুলি মত প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিচি প্ৰধান গৰাকীয়ে আশা প্ৰকাশ কৰে যে,সকলো জাতি-জনগোষ্ঠীক লৈ বিপিএফ আগবাঢ়ি গ'লে নিৰ্বাচনত 100 শতাংশই জয়ী হ'ব দলটো ৷

বি টি আৰ সম্পৰ্কত হাগ্ৰামাৰ মন্তব্য

ইয়াৰোপৰি ইউ পি পি এলৰ সভাপতি উৰ্খাও গৌড়া ব্ৰহ্মলৈ বিশেষ অফাৰ আগবঢ়াইছে হাগ্ৰামা মহিলাৰীয়ে ৷ বিপিএফত যোগ দিলে ৰাজ্যসভাৰ সাংসদৰ পদ দিয়া হ'ব উৰ্খাও গৌড়া ব্ৰহ্মক ৷

উৰ্খাও গৌড়া ব্ৰহ্মলৈ হাগ্ৰামাৰ অফাৰ

লগতে পঢ়ক :

ছাত্ৰসন্থা ত্যাগ : প্ৰমোদ বড়োৰ পৰৱৰ্তী পৰিকল্পনা কি হ'ব !

ABOUT THE AUTHOR

...view details