অসম

assam

By

Published : Nov 22, 2020, 7:27 PM IST

ETV Bharat / state

বিশ্বজিৎ দৈমাৰীয়ে এন্টাৰ্কটিকাত খেতি কৰি ধান উৎপাদন কৰিব বিচাৰিছে : হাগ্ৰামা মহিলাৰী

আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰা বিপিএফ নেতা বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক তীব্ৰ কটাক্ষ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

hagrama mohilary reacations on biswajit doimary and imanual musahari bjp jioning
বিশ্বজিৎ দৈমাৰী-ইমানুৱেল মোছাহাৰীক কটাক্ষ হাগ্ৰামা মহিলাৰীৰ

কোকৰাঝাৰ, 22 নৱেম্বৰঃ দেওবাৰে ওদালগুৰি জিলাৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ভাগলৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সদ্য বিপিএফ ত্যাগী নেতা বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক কটাক্ষ কৰি কয় যে, বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মোছাহাৰী যি সপোন লৈ বিজেপি দলত গৈছে এইটো সফল নহ'ব পাহাৰত কাছৰ কণী বিচৰাৰ দৰে হ'ব ৷"

বিশ্বজিৎ দৈমাৰী-ইমানুৱেল মোছাহাৰীক কটাক্ষ হাগ্ৰামা মহিলাৰীৰ
লগতে হাগ্ৰামা মহিলাৰীক বিপিএফ আৰু বিজেপি মিত্ৰতা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত কয় যে, কেন্দ্ৰত বিজেপি-বিপিএফৰ মিত্ৰতা ঠিকে আছে ৷ ৰাজ্যত হে বিজেপি দলে গণ্ডগোল কৰি এনেবোৰ পৰিস্থিতিৰ সৃষ্টি কৰি আছে ৷ ২০২১ ত মিত্ৰতা কি হয়, সেয়া বিটিচি নিৰ্বাচনৰ পিছত কম বুলিও উল্লেখ কৰে বিপিএফৰ সভাপতি জনে ৷ উল্লেখযোগ্য যে,বিপিএফ আৰু বিজেপিৰ ৰাজ্যত মিত্ৰতা শেষ কৰাৰ মূল নায়ক ৰূপে হিমন্ত বিশ্ব শৰ্মা বুলিয়ে উল্লেখ কৰা দেখা গ’ল হিমন্ত বিশ্ব শৰ্মাই ৷

ABOUT THE AUTHOR

...view details