কোকৰাঝাৰ, 23 মাৰ্চ: বিপিএফ দলৰ উদ্যোগত বৃহস্পতিবাৰে কোকৰাঝাৰৰ বনৰগাওঁ পৰিষদীয় সমষ্টিৰ মাগুৰমাৰীত আৰু হাগ্ৰামা মহিলাৰীৰ গৃহসমষ্টি দেৱৰগাঁৱত বিশাল পদযাত্ৰা আৰু জনজাগৰণ সভা অনুষ্ঠিত হয় । বিপিএফৰ বিশাল পদযাত্ৰা আৰু জনসভাত জনতাৰ পাৰ ভঙা উছাহ পৰিলক্ষিত হয় ৷ এই পদযাত্ৰা আৰু জনসভাত শীৰ্ষ নেতা খাম্পা বৰগয়াৰী, দেৰহাছাৎ বসুমতাৰী, প্ৰমিলা ৰাণী ব্ৰহ্ম, বিপিএফৰ সাধাৰণ সম্পাদক মহেশ্বৰ বসুমতাৰীসহ দলীয় নেতা-কৰ্মীকে ধৰি কেইবা সহস্ৰাধিক বিপিএফৰ সমৰ্থক তথা ৰাইজে অংশগ্ৰহণ কৰে (Hagrama rally in BTR) ।
পদযাত্ৰা আৰু ৰাজহুৱা সভা প্ৰমোদ বড়ো হটাও-বিটিচি বচাও, প্ৰমোদ বড়োৰ কাম নাই, বিপিএফ জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল হৈ পৰে ৷ ইফালে, পদযাত্ৰাত অংশগ্ৰহণ কৰা হাগ্ৰামা মহিলাৰীক পদযাত্ৰাৰ সময়ছোৱাত কেইবাঠাইত ৰাইজে পুষ্প ছটিয়াই আদৰণি জনায় । মাগুৰমাৰীৰ পৰা প্ৰায় দুই কিলোমিটাৰ পথ পদযাত্ৰা কৰি আহি হাগ্ৰামা মহিলাৰীয়ে শালবাগান পথাৰত এক বিশাল জনসভাত অংশ লৈ বিটিআৰ প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰব হৈ পৰে (Hagrama Mohilary slams Pramod Boro) ।
প্ৰমোদ বড়োৱে যোৱা তিনি বছৰত একো কাম নকৰিলে বৰং বিটিচি ধ্বংস কৰিবলৈ গৈ আছে বুলি মন্তব্য কৰি প্ৰমোদ বড়ো হটাও-বিটিচি বচাও বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে তেওঁ কয়, ‘‘প্ৰমোদ বড়োৱে বিটিচি অঞ্চলত শান্তি আনিব পৰা নাই , একতা আনিব পৰা নাই, উন্নয়ন আনিব পৰা নাই ৷’’ প্ৰমোদ বড়োৱে বড়ো মানুহৰ ওপৰতে অত্যাচাৰ কৰিছে , প্ৰতাৰণা কৰিছে বুলি মন্তব্য কৰি আন আন জাতি-জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ কৰাটো প্ৰমোদ বড়োৰ বাবে সাধাৰণ কথা বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ।