অসম

assam

ETV Bharat / state

নতুন চাৰি জিলা সৃষ্টিৰে এনডিএফবিৰ ধীৰেন গোটৰ লগত শীঘ্ৰেই কেন্দ্ৰৰ চুক্তিঃ হাগ্ৰামা মহিলাৰী - হাগ্ৰামা মহিলাৰী

বডোফা সাংস্কৃতিক প্ৰকল্পত চেতনা অভিযান উপলক্ষে অনুষ্ঠিত হোৱা সভাত এনডিএফবিৰ ধীৰেন বড়ো গোটৰ সৈতে চৰকাৰৰ আলোচনা চলি আছে বুলিও সদৰি কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে পৃথক বড়োলেণ্ড বিষয়টোক বাদ দি অচিৰেই নতুন চাৰিখন জিলা সৃষ্টিৰে এনডিএফবিৰ ধীৰেন গোটৰ সতে চুক্তি হ'ব ।

নতুন চাৰি জিলা সৃষ্টিৰে এনডিএফবিৰ ধীৰেন গোটৰ লগত শীঘ্ৰেই কেন্দ্ৰৰ চুক্তিঃ হাগ্ৰামা মহিলাৰী

By

Published : Sep 19, 2019, 8:49 PM IST

কোকৰাঝাৰ,১৯ চেপ্তেম্বৰঃকোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত দিনজোৰা কাৰ্যসূচীৰে জ্যেষ্ঠ নাগৰিকৰ সজাগতা কাৰ্যসূচী হিচাপে "চেতনা অভিযান" কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু বিটিচি চৰকাৰৰ সহযোগত বৃহস্পতিবাৰে চেতনা অভিযানৰ সংবেদনশীলতাৰ কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই জ্যেষ্ঠ নাগৰিকৰ ভৰি ধুৱাই আৰণাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে । বডোফা সাংস্কৃতিক প্ৰকল্পত চেতনা অভিযান উপলক্ষে অনুষ্ঠিত হোৱা সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে জ্যেষ্ঠ নাগৰিকক অৱহেলা কৰিব নালাগে বুলি মন্তব্য কৰি জ্যেষ্ঠ নাগৰিকৰ বাবে বিটিচিয়ে পৰিচয়পত্ৰ প্ৰদান কৰিব বুলি সদৰি কৰে । তদুপৰি বিটিএডি এলেকাত বৃদ্ধাশ্ৰম নিৰ্মাণ কৰা হব বুলিও সদৰি কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।

নতুন চাৰি জিলা সৃষ্টিৰে এনডিএফবিৰ ধীৰেন গোটৰ লগত শীঘ্ৰেই কেন্দ্ৰৰ চুক্তিঃ হাগ্ৰামা মহিলাৰী

ইপিনে উক্ত সভাতে এনডিএফবিৰ ধীৰেন বড়ো গোটৰ সৈতে চৰকাৰৰ আলোচনা চলি আছে বুলিও সদৰি কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে পৃথক বড়োলেণ্ড বিষয়টোক বাদ দি অচিৰেই নতুন চাৰিখন জিলা সৃষ্টিৰে এনডিএফবিৰ ধীৰেন গোটৰ সতে চুক্তি হ'ব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আলোচনা হৈছে বুলি উল্লেখ কৰি নতুন জিলা সৃষ্টিয়ে উন্নয়ন কঢ়িয়াই আনিব বুলি মতপোষণ কৰে । আনহাতে সভাত উপস্থিত থকা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে পুত্ৰ -বোৱাৰীয়ে পিতৃ মাতৃক অৱহেলা কৰাটো সামাজিক ব্যাধিত পৰিণত হৈছে আৰু এই সন্দৰ্ভত সজাগতা অনাৰ ক্ষেত্ৰত সমাজ কল্যাণ বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই । বৃহস্পতিবাৰৰ অনুষ্ঠানত বিটিচিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকন , জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ , বিটিচিৰ কেবাগৰাকী কাৰ্যবাহী সদস্য, বিপিএফৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতা আৰু কেবাশতাধিক জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details