অসম

assam

By

Published : Nov 22, 2019, 6:06 PM IST

ETV Bharat / state

কেব সন্দৰ্ভত কি ক'লে হাগ্ৰামা মহিলাৰীয়ে ?

চৰকাৰে কেব আনিব বুলি নিশ্চিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী

হাগ্ৰামা মহিলাৰী

কোকৰাঝাৰ,22 নৱেম্বৰঃ কেব অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ মন্তব্য পোষণ কৰিলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ "চৰকাৰে কেব আনিবই আৰু মই নিশ্চিত তেনে ক্ষেত্ৰত চৰকাৰে কেব অনাৰ পূৰ্বে কেব বিৰোধিতা কৰা দল সংগঠনৰ স'তে আলোচনাত বহি এৰা ধৰাৰ মাজেৰে বিধেয়কখন গৃহীত হোৱাটো ১০০ শতাংশ খাটাং ।"

কেব সন্দৰ্ভত হাগ্ৰামা মহিলাৰী

তেওঁ এন আৰ চি নতুনকৈ হ'ব বুলি প্ৰসংগত কয় "এয়া চুপ্ৰিম কোর্টৰ সিদ্ধান্ত, মোৰ কোনো ক'ব লগা নাই ৷"এন ডি এফ বি ধীৰেণ বড়ো গোটৰ সৈতে অতি শীঘ্ৰে নতুন চুক্তি হোৱাৰ পথত বুলি উল্লেখ কৰি কয় যে ," বড়োলেণ্ড ৰাজ্যৰ দাবী বহু দীঘল সময়ৰ গতিকে বড়োলেণ্ড ৰাজ্যৰ দাবীক স্থগিত কৰি এই চুক্তি আঁকোৱালি ল'ব লাগে ।

লগতে পঢ়কঃনিৰ্মাণৰ চাৰি বছৰ পিছতো বন্ধ ৰঙিয়াৰ দ্বাৰকুছি উপ স্বাস্থ্য কেন্দ্ৰ

ABOUT THE AUTHOR

...view details