অসম

assam

ETV Bharat / state

বিপিএফক ভোটদান নকৰিলে বাতিল কৰা হ'ব মাটিৰ পট্টা : হাগ্ৰামা মহিলাৰী - নিৰ্বাচনী প্ৰচাৰ

কোকৰাঝাৰৰ ভাৰত -ভূটান সীমান্তৰ উল্টাপানী আৰু বিছমুৰীত প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মাটিৰ পট্টা প্ৰদানৰ টোপ হাগ্ৰামা মহিলাৰীৰ

কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Apr 16, 2019, 10:04 PM IST

কোকৰাঝাৰ, 16 এপ্ৰিল : আদিবাসী, কোচ ৰাজবংশীৰ জনজাতিকৰণ হ'লে বড়ো জনগোষ্ঠীৰ একো ক্ষতি নহয় ৷ গোৰ্খাসকলৰ জনজাতিকৰণত কোনো আপত্তি নাই বিটিচি চৰকাৰৰ । নিৰ্বাচনৰ পাচত বিটিচি কেবিনেটত গোৰ্খা সকলৰ জনজাতিকৰণৰ হকে সিদ্ধান্ত লোৱা হ'ব । মঙলবাৰে কোকৰাঝাৰৰ ভাৰত -ভূটান সীমান্তৰ উল্টাপানী আৰু বিছমুৰীত প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে ২০১৯ -২০ চনৰ ভিতৰত ফৰেষ্ট ডুৱেলাৰ এক্ট 2006 অনুসৰি মাটিৰ পট্টা দিয়া হ'ব ।

কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ

যিসকলে এইবেলি বিপিএফক ভোট দান নকৰিব তেওঁলোকৰ মাটি পট্টা বাতিল কৰা হ'ব বুলিও নিৰ্বাচনী সভাত উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে ।

ABOUT THE AUTHOR

...view details