অসম

assam

ETV Bharat / state

বিটিচিত গণতন্ত্ৰ হত্যা কৰা হৈছে : হাগ্ৰামা - হাগ্ৰামা মহিলাৰী

২৭ অক্টোবৰৰ পূৰ্বেই বিটিচিত নিৰ্বাচন অনুষ্ঠিত নকৰিলে আন্দোলন অব্যাহত থাকিব বুলি মন্তব্য প্ৰকাশ কৰিছে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ।

বিটিচিত গণতন্ত্ৰ হত্যা কৰা হৈছে : হাগ্ৰামা
বিটিচিত গণতন্ত্ৰ হত্যা কৰা হৈছে : হাগ্ৰামা

By

Published : Sep 29, 2020, 7:49 PM IST

কোকৰাঝাৰ,২৯ ছেপ্টেম্বৰ : বিটিচিৰ নিৰ্বাচন ৰাজ্যপাল শাসনৰ অন্ত পৰাৰ পূৰ্বেই অৰ্থাৎ অহা ২৭ অক্টোবৰৰ পূৰ্বেই অনুষ্ঠিত কৰিব লাগে বুলি দাবী কৰাৰ লগতে নিৰ্বাচন অনুষ্ঠিত নকৰালৈকে আন্দোলন অব্যাহত থাকিব এই মন্তব্য প্ৰকাশ কৰিছে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ।

বিটিচিত গণতন্ত্ৰ হত্যা কৰা হৈছে : হাগ্ৰামা

মঙলবাৰে কোকৰাঝাৰ চহৰত যুৱ বিপিএফ আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ উদ্যোগত বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত কোকৰাঝাৰ সদৰ চহৰত অনুষ্ঠিত হোৱা প্ৰতিবাদী সমদলৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰে। তদুপৰি বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি মন্তব্য কৰি বিহাৰত নিৰ্বাচনৰ দিন ঘোষণা,মণিপুৰত নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ কোনো যুক্তি নাই বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । সাংবাদিকৰ এক প্ৰশ্নোত্তৰত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে হে বড়োলেণ্ডৰ নামত নাটক কৰিছিল আৰু বিপিএফ নেৰ্তৃবৰ্গৰ মাজত কোনো ভুল বুজাবুজি বা বিভাজন নাই বুলিও মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।

উল্লেখ্য যে,বিপিএফৰ মুখ্য কাৰ্যালয়ৰ পৰা হাতে হাতে বেনাৰ,ফেষ্টুন লৈ বাহিৰ হোৱা যুৱ বিপিএফ আৰু বিএছইউৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী সমদলটোৱে নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল'গানেৰে জেডি পথেৰে ফ্লাইঅভাৰ হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় ।

ইয়াৰ পিছত যুৱ বিপিএফ আৰু বিএছইউৰ নেতৃবৰ্গই অহা ২৭ অক্টোবৰৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে নিৰ্বাচনী আয়োগ আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। তদুপৰি স্মাৰকপত্ৰত ৰাজ্যপালৰ শাসনৰ ম্যাদ পুনৰ বৃদ্ধিকৰণৰ বিৰোধিতা কৰে ।


ABOUT THE AUTHOR

...view details