অসম

assam

ETV Bharat / state

BTR চুক্তিয়ে বড়ো-অনা বড়োৰ মাজত সংঘাত সৃষ্টি কৰিবঃ হাগ্ৰামা

বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে BTR চুক্তিক লৈ মন্তব্য কৰাৰ লগে লগে তীব্ৰ জোকাৰণি সৃষ্টি হৈছে সমগ্ৰ বড়োভূমিত ৷ ইতিমধ্যে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হাগ্ৰামাৰ বিৰুদ্ধে ৷

Hagrama Mahilari Against  BTR agreement
BTR চুক্তিয়ে বড়ো- অনা বড়োৰ মাজত সংঘাত সৃষ্টি কৰিবঃ হাগ্ৰামা

By

Published : Aug 26, 2020, 8:48 PM IST

কোকৰাঝাৰ, ২৬ আগষ্টঃ প্ৰাক্তন বিটিচি প্ৰধান তথা বৰ্তমানৰ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে তৃতীয়তো বড়ো শান্তি চুক্তিক লৈ মন্তব্য কৰাৰ পিছতে সমগ্ৰ বড়োভূমিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, যোৱা ২৭ জানুৱাৰীত এন ডি এফ বি, এবছু, ইউ বি পি অ' সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তৃতীয়তো বড়ো শান্তি চুক্তি BTR গঠন কৰা হৈছিল ৷ য'ত হাগ্ৰামা মহিলাৰীয়েও সাক্ষী হিচাবে স্বাক্ষৰ কৰিছিল চুক্তি খনত ৷ ইফালে BTR চুক্তি খনে বড়ো-অবড়োৰ মাজত সংঘাত সৃষ্টি কৰিব, অকল বড়ো জাতিৰ নামহে উল্লেখ আছে, এই চুক্তি খনে বড়ো জাতিক ধ্বংস কৰিব লগতে এই চুক্তি খন এখন ভেলুলেছ চুক্তি বুলি মন্তব্য কৰে ৷ কিন্তু চুক্তিৰ ছয় মাহ অতিক্ৰম কৰাৰ পিছত হাগ্ৰামা মহিলাৰীৰ এনে মত্তব্যত বড়ো ভূমিৰ সকলো দল -সংগঠনৰ মাজতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

BTR চুক্তিয়ে বড়ো- অনা বড়োৰ মাজত সংঘাত সৃষ্টি কৰিবঃ হাগ্ৰামা

ইফালে হাগ্ৰামা মহিলাৰীৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োই বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি কয় যে, হাগ্ৰামাই হতাশাত ভুগি এই বক্তব্য কৰিছে ৷ লগতে বি টি আৰ চুক্তিত বড়ো - অবড়োৰ সংঘাট নাই বুলি উল্লেখ কৰি বি টি আৰ চুক্তিত সকলো জাতি জনগোষ্ঠীক সন্মান কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে এবছুৰ সভাপতি জনে। হাগ্ৰামা মহিলাৰীৰ বৈষম্যৰ বাবেই বড়ো-অবড়োৰ সংঘাত সৃষ্টি হোৱা বুলিও মন্তব্য কৰে দ্বিপেন বড়োই । হাগ্ৰামা মহিলাৰীয়ে এবছু মানে ইউ পি পি এল বুলি মন্তব্য দিয়াৰ প্ৰত্যুত্তৰত এবছু ৰাজনৈতিক দল নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। হাগ্ৰামা মহিলাৰী হতাশাত ভুগি আবুল তাবুল বকিছে বুলি হাগ্ৰামাক কটাক্ষ কৰে ।

আনফালে, বড়ো ভূমিৰ মূল বিৰোধী ৰাজনীতিক দল ইউ পি পি এলৰ মুখপাত্ৰ ৱেলচোন হাসদায়ে কয় যে, যি শান্তিকলৈ বড়ো ভূমিত বড়ো জাতিৰ লগতে আন জনগোষ্ঠীয় লোক সকলকো আদৰণি জনোৱা হৈছে ৷ আনকি চুক্তিৰ কেইদিনমান পিছতেই এই চুক্তিখন এখন সুকীয়া বড়ো ৰাজ্য অথবা বড়োলেণ্ডৰ সমান বুলি আখ্যা কৰিছিল বিটিচিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ কিন্তু ছয় মাহৰ পিছত হাগ্ৰামা মহিলাৰীৰ এনে মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে বড়ো ভূমিত ৷ এজন সাক্ষী হিচাবে স্বাক্ষৰকাৰীয়ে এনেকৈ মন্তব্য কৰাটো ধিক্কাৰজনক ৷ যি চুক্তিত বিটিআৰৰ সর্বাংগ উন্নতিৰ বাবে সকলো জাতি -জনগোষ্ঠীৰ কথা আছে আৰু উত্তৰপূব ৰাজ্যৰ ভিতৰতে সকলো জনগোষ্ঠীৰ সম উন্নয়নৰ বাবে বি টি আৰ হ'বলৈ গৈ আছে এনে চুক্তিক বিৰোধ কৰাতো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷ লগতে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনৰ সময়চোৱাত বি টি এডি বাসীৰ আগত ১৭ বছৰ শাসন কালত উন্নয়নৰ প্ৰচাৰ আৰু আগন্তুক নিৰ্বাচনৰ পৰিকল্পনাৰ কথা নোকোৱাকৈ কেৱল ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োক দমন কৰাৰ বাবেহে প্ৰচাৰ চলাই আহিছে বুলি উল্লেখ কৰে ৱেলচোন হাসদাই ৷

লগতে পঢ়ক-অবৈধভাৱে ধন সংগ্ৰহক কেন্দ্ৰ কৰি উত্তপ্ত অসম-নগালেণ্ড সীমান্ত

ABOUT THE AUTHOR

...view details