কোকৰাঝাৰ, ৮ এপ্ৰিল:পদ্মশ্ৰী বঁটা প্ৰাপক, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড° কামেশ্বৰ ব্ৰহ্মক 2021 বৰ্ষৰ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটাৰ বাবে মনোনিত কৰা হৈছে ৷ বৃহস্পতিবাৰে এক বিবৃতি যোগে গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ন্যাসৰ সম্পাদক ড° অজিত বড়োই এই কথা সদৰি কৰে ৷
বড়ো ভাষা, সাহিত্য আৰু সংস্কৃতিৰ দিশত আগবঢ়োৱা অনবদ্য অবদানৰ লগতে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ দাৰ্শনেৰে পৰিচালিত হৈ সমাজৰ সৰ্বাংগীন উন্নয়নৰ হকে অৰিহণা আগবঢ়াই আহিছে ড° কামেশ্বৰ ব্ৰহ্মই ৷ যাৰ বাবে ড° কামেশ্বৰ ব্ৰহ্মক উক্ত বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি প্ৰকাশিত বিবৃতিখনত উল্লেখ কৰা হৈছে ৷
ন্যাসৰ সম্পাদক গৰাকীয়ে সদৰী কৰা মতে, আগন্তুক 18 এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুস্থিত হ’ব লগা 126 তম গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ জন্ম জয়ন্তীৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হ’ব ৷ উক্ত বঁটাৰ লগতে গুৰুদেৱৰ ফটোসহ নগদ 50 হেজাৰ টকা প্ৰদান কৰা হ’ব ৷