অসম

assam

ETV Bharat / state

বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বৰ্জন কৰিলে গুণোৎসৱ পৰীক্ষা - গুণোৎসৱ পৰীক্ষা

Gunotsav 2024: গুণোৎসৱত বড়ো ভাষাৰ সলনি ইংৰাজী ভাষা ৷ ক্ষুব্ধ এবছু আৰু বড়ো সাহিত্য সভা ৷ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু অংক বিষয়ৰ প্ৰশ্নকাকত ইংৰাজী ভাষাৰ পৰিবৰ্তে বড়ো ভাষাত যোগান নধৰালৈকে পৰীক্ষা স্থগিতৰ হুংকাৰ ।

Kokrajhar District AABSU President
কোকৰাঝাৰ জিলা এবছুৰ সভাপতি

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 7:23 PM IST

কোকৰাঝাৰ জিলা এবছুৰ সভাপতি

কোকৰাঝাৰ, ৬ জানুৱাৰী : পঞ্চম পৰ্যায়ৰ গুণোৎসৱৰ বাহ্যিক মূল্যায়ন পৰীক্ষাৰ অন্তিম দিনা অৰ্থাৎ শনিবাৰে কোকৰাঝাৰত এবছু আৰু বড়ো সাহিত্য সভাই ষষ্ঠ শ্ৰেণীৰ বড়ো মাধ্যমৰ শিক্ষাৰ্থীক গুণোৎসৱৰ পৰীক্ষাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখে । গুণোৎসৱত বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকত বড়ো ভাষাৰ সলনি ইংৰাজী ভাষাত ছপোৱাক কেন্দ্ৰ কৰিয়ে এবছু আৰু বড়ো সাহিত্য সভা ক্ষুব্ধ হৈ পৰে । এই কাৰ্যৰেই পৰিণতিত আজি এবছু আৰু বড়ো সাহিত্য সভাই ষষ্ঠ শ্ৰেণীৰ বড়ো মাধ্যমৰ শিক্ষাৰ্থীক গুণোৎসৱত অংশগ্ৰহণ কৰাৰ বিৰত ৰাখে ।

ইয়াৰ ফলত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়কে ধৰি ২৪ খন বিদ্যালয়ৰ বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে গুণোৎসৱৰ পৰীক্ষা বৰ্জন কৰিলে । কোকৰাঝাৰ জিলা এবছুৰ সভাপতি খাম্ফা বসুমতাৰী আৰু কোকৰাঝাৰ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক দোমাচু ব্ৰহ্মই এই সন্দৰ্ভত প্ৰতিক্ৰিয় প্ৰকাশ কৰি কয় যে নতুন শিক্ষা নীতি অনুসৰি বড়ো মাধ্যমৰ শিক্ষাৰ্থীয়ে নিজৰ ভাষাতে গুণোৎসৱৰ মূল্যায়নত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব লাগিছিল ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া হৈ নুঠিল ।

কোকৰাঝাৰ জিলা এবছুৰ সভাপতি খাম্ফা বসুমতাৰী আৰু কোকৰাঝাৰ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক দোমাচু ব্ৰহ্মই পুনৰ কয় যে এই বিষয়টো সন্দৰ্ভত পূৰ্বতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে আলোচনা কৰা হৈছিল যদিও কাৰ্যকৰী নহ'ল । সেয়ে যেতিয়ালৈকে ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু অংক বিষয়ৰ প্ৰশ্নকাকত ইংৰাজী ভাষাৰ পৰিবৰ্তে বড়ো ভাষাত যোগান নধৰে তেতিয়ালৈ পৰীক্ষা স্থগিত ৰখাৰ দাবী জনাইছে এবছু আৰু বড়ো সাহিত্য সভাই ।

লগতে পঢ়ক:অসমৰ 17 খন জিলাৰ মাজেৰে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা

ABOUT THE AUTHOR

...view details