কোকৰাঝাৰ, 31 মে’:বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ ঝাৰবাৰীত এক ৰহস্যজনক ঘটনা সংঘটিত হৈছে । ঝাৰবাৰী অঞ্চলৰ পুৰণি ঔগুৰী, খালাচী নেপালী বস্তি আৰু খালাচী আদিৱাসী গাঁৱত গভীৰ নলীনাদ, তাৰাপাম্প আৰু কুঁৱাৰ পানী হঠাতে শুকাই যোৱাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।
কোকৰাঝাৰৰ ঝাৰবাৰীত হঠাৎ নিম্নগামী পানীৰ স্তৰ জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী স্থানত থকা গভীৰ নলীনাদ, তাৰাপাম্প আৰু কুঁৱাৰ পানী শুকাই যোৱাৰ তথ্য লাভ কৰি দেওবাৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক তথা ইউপিপিএলৰ যুৱ নেতা লৰেঞ্চ ইছলাৰীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।
কোকৰাঝাৰৰ ঝাৰবাৰীত হঠাৎ নিম্নগামী পানীৰ স্তৰ গাঁৱত থকা খোৱাপানীৰ উৎসসমূহ হঠাৎ শুকাই যোৱাত খোৱাপানীৰ তীব্ৰ সংকতে দেখা দিছে ৷ এই সংকতৰ পৰা পৰিত্ৰাণ পাবলৈ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগক খোৱাপানী যোগান ধৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে ।
কোকৰাঝাৰৰ ঝাৰবাৰীত হঠাৎ নিম্নগামী পানীৰ স্তৰ তদুপৰি বিভাগীয় কৰ্তৃপক্ষক উক্ত অঞ্চল পৰিদৰ্শন কৰি কাৰ্যকাৰী ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিছে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে । ইপিনে খোৱাপানীৰ উৎস হঠাতে শুকাই যোৱাত জনসাধাৰণৰ মাজত খোৱাপানীৰ ব্যাপক নাটনি হোৱাৰ লগতে ৰহস্যজনক ঘটনাক লৈ অঞ্চলবাসী ৰাইজ শংকিত হৈ পৰিছে ৷
লগতে পঢ়ক:কিয় মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ ?