কোকৰাঝাৰ, 7আগষ্টঃ দৈনন্দিন কৰ্ম হিচাপে শুকুৰবাৰে কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এটা স্বাস্থ্যকৰ্মী দলে ক’ভিড পৰীক্ষা কৰিবলৈ গৈ কৰ্ম আৰম্ভণিহে কৰিছিল । ৰেপিড এন্টিজেন টেষ্ট চমুকৈ "RAT" পৰীক্ষা আৰম্ভ কৰা লগে লগেই এগৰাকী লোকৰ দেহত পজিটিভ ধৰা পৰিল । তেতিয়াই সৃষ্টি হয় হুলস্থুল পৰিৱেশ । তেনে সময়তে ৰাজহ চক্ৰ বিষয়া দ্বিপেন বৰ্মনে ক’ভিড যোদ্ধা তথা স্বাস্থ্যকৰ্মী সকলক "Get out" শব্দৰে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৷
ইপিনে স্বাস্থ্যকৰ্মী সকলে ক্ষুদ্ধ হৈ ক’ভিড পৰীক্ষা কৰ্ম বিৰতি পালন কৰে । ক’ভিড যোদ্ধা তথা স্বাস্থ্যকৰ্মী সকলে কৰ্মৰ পৰা আঁতৰত থাকি এই খবৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক অৱগত কৰে আৰু দুৰ্ব্যৱহাৰ কৰা ৰাজহ চক্ৰ বিষয়াই ৰাজহুৱাকৈ আৰু লিখিতভাৱে ক্ষমা নিবিচাৰিলে শুকুৰবাৰৰ পৰা কৰ্ম বিৰতিৰ সকীয়নী প্ৰদান কৰে । এগৰাকী গুৰু দায়িত্ব থকা বিষয়াই এনেদৰে যদি ব্যৱহাৰ কৰে তেন্তে সাধাৰণ ৰাইজৰ মাজত গৈ কেনেকৈ ক’ভিড পৰীক্ষা কৰিব সেয়া লক্ষণীয় বিষয় হৈ পৰিছে ।