অসম

assam

ETV Bharat / state

কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী - Jagadish mukhi visited Kokrajhar

উল্লেখ্য যে, " বড়োলেণ্ড অঞ্চল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰ-পূৰ ৷ কিন্তু এই সময়ছোৱাত বন ধ্বংশকাৰী সকলে বড়োলেণ্ডৰ সৌন্দৰ্যত আঘাত হানিছে ৷ গতিকে বড়োলেণ্ডৰ সৌন্দৰ্য পুনৰ উভতাই অনাৰ বাবে 5 জুনৰ পৰা বিটিএডিত ৪ লাখ গছ পুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে " বুলি সাংবাদিকৰ আগত অৱগত কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷

Governor
কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

By

Published : Aug 17, 2020, 7:12 PM IST

Updated : Aug 17, 2020, 7:21 PM IST

কোকৰাঝাৰ, 17 আগষ্টঃ সোমবাৰে কোকৰাঝাৰত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী ৷ কোকৰাঝাৰত উপস্থিত হৈ জাহাৰবাৰী বনাঞ্চল এলেকাত গছ ৰোপণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে ৷ উল্লেখ্য যে, " বড়োলেণ্ড অঞ্চল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰ-পূৰ ৷ কিন্তু এই সময়ছোৱাত বন ধ্বংশকাৰী সকলে বড়োলেণ্ডৰ সৌন্দৰ্যত আঘাত হানিছে ৷ গতিকে বড়োলেণ্ডৰ সৌন্দৰ্য পুনৰ উভতাই অনাৰ বাবে 5 জুনৰ পৰা বিটিএডিত ৪ লাখ গছ পুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে " বুলি সাংবাদিকৰ আগত অৱগত কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷

লগতে পঢ়কঃ পবিত্ৰ ভাদমাহত হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ব ৰাজ্য

ইয়াৰোপৰি, বিটিচিত বিভিন্ন অনিয়ম, দুৰ্নীতি প্ৰসংগ উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে, পৰিবহণ বিভাগত ২৯ জন লোকে বিনা সাক্ষাৎকাৰ আৰু বিজ্ঞাপনেৰে অনিয়মভাৱে চাকৰি লাভ কৰিছিল ৷ ফলত তেওঁলোকক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে বুলি স্পষ্ট কৰে জগদীশ মুখীয়ে ৷ কেৱল এয়াই নহয় বিটিচিত বিভিন্ন বিভাগত হোৱা অনিয়মবোৰকো নজৰ দিয়া হ'ব বুলি উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে ৷


Last Updated : Aug 17, 2020, 7:21 PM IST

ABOUT THE AUTHOR

...view details