অসম

assam

ETV Bharat / state

গোসাঁইগাঁৱত পিষ্টল উদ্ধাৰ - পিষ্টল উদ্ধাৰ

গৌৰীপুৰ থানাৰ অ চি সত্যজিৎ বৰঠাকুৰ আৰু ধুবুৰীৰ ডিএছপি শ্বেখৰ জ্যোতি ৰায়ে চলোৱা অভিযানত হাফিজুলৰ ঘৰৰ চোফাৰ তলৰ পৰা এটা পিষ্টল আৰু তিনিটা গুলী উদ্ধাৰ কৰে

গোসাঁইগাঁৱত উদ্ধাৰ পিষ্টল

By

Published : Sep 25, 2019, 4:49 PM IST

কোকৰাঝাৰ, 25 চেপ্তেম্বৰঃ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান । অভিযানত শিমূলটাপু গাঁৱৰ নিবাসী হাফিজুল ৰহমানৰ বাসগৃহৰ পৰা জব্দ এটা পিষ্টল ৷ গৌৰীপুৰ থানাৰ অ চি সত্যজিৎ বৰঠাকুৰ আৰু ধুবুৰীৰ ডিএছপি শ্বেখৰ জ্যোতি ৰায়ে চলোৱা অভিযানত হাফিজুলৰ ঘৰৰ চোফাৰ তলৰ পৰা এটা পিষ্টল আৰু তিনিটা গুলী উদ্ধাৰ কৰে ।

আনহাতে, ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষীৰ ব্যৰ্থতা ঢাকিবলৈ হাফিজুল ৰহমানৰ বাসগৃহত অভিযান চলাই বুলি মন্তব্য কৰে স্থানীয় তথা গাঁওবুঢ়াই ৷

স্থানীয় ৰাইজৰ মন্তব্য

উল্লেখ্য যে, বিগত চাৰি দিন পূৰ্বে চোৰাং গৰু ব্যৱসায়ী লগত জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰে হাফিজুল ৰহমানক ৷ হাফিজুলৰ গ্ৰেপ্তাৰৰ পাচত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অভিযুক্ত হাফিজুলৰ ঘৰত দুবাৰকৈ অভিযান চলাই যদিও কোনো আপত্তিজনক সামগ্ৰী লাভ নকৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details