গোসাইগাঁও, 29 জুনঃজনতাৰ স্বাস্থ্যসেৱাৰ নামত চৰকাৰে বছৰি আঁচনি প্ৰস্তুত কৰি খৰচ কৰি আহিছে কোটি কোটি টকা ৷ কিন্তু বাস্তৱত এই সেৱা লাভৰ পৰা এতিয়াও বঞ্চিত হৈ আছে ৰাজ্যৰ বহু গ্ৰামাঞ্চল ৷
চিকিৎসকবিহীন চিকিৎসালয়ঃ কি চলিছে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য সেৱাত - চিকিৎসকবিহীন
শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে চিকিৎসালয়ে চিকিৎসালয়ে ছাডেন ভিজিট দি সংবাদ মাধ্যমত বাহ-বাহ লৈ আছে ৷ কিন্তু ৰাজ্যত এতিয়াও এনে বহু চিকিৎসালয় আছে যি নামতহে চিকিৎসালয়, কিন্তু কামত একো নাই ৷ বেছিভাগেই গ্ৰাম্য অঞ্চলত থকা এইসমূহ চিকিৎসালয়ত স্বাস্থ্য সেৱা বিছাৰি হাহাকাৰ কৰিছে ৰোগীয়ে ৷ আজি আমি লৈ যাম তেনে এখন স্বাস্থ্যকেন্দ্ৰলৈ য'ত স্বাস্থ্য সেৱাৰ নামত মাত্ৰ এগৰাকী ঠিকাভিত্তিক আয়ুৰ্বেদিক চিকিৎসকে চলাই গৈছে চিকিৎসা তথা স্বাস্থ্য সেৱা ৷
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত অতিকে ব্যস্ত এখন চিকিৎসালয় হৈছে ভাওৰাগুৰি ত্ৰিশখন বিছনা যুক্ত চিকিৎসালয় ৷ সম্প্ৰতি চিকিৎসকৰ অভাৱত জুৰুলা হোৱাই নহয় বন্ধ হোৱাৰ পথত অগ্ৰসৰ হৈছে চিকিৎসালয়খন ৷ প্ৰথমে 12খন বিচনাযুক্ত চিকিৎসালয়খন প্ৰয়োজন অনুসৰি 30খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হয় ৷ কিন্তু বৰ্তমানেও চিকিৎসালয়খনত অভাৱ বহু প্ৰয়োজনীয় সামগ্ৰীকে ধৰি চিকিৎসক আৰু নাৰ্ছ তথা অন্যান্য চিকিৎসাকৰ্মীৰ ৷
চিকিৎসালয়খন স্থাপনৰ পিচতে নব্বৈ দশকতে নিযুক্তি দিয়া হৈছিল এগৰাকী এম বি বি এছ চিকিৎসক ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে, বৰ্তমানে ৰোগীৰ অনুপাতে চাৰি-পাঁচগৰাকী চিকিৎসকৰ প্ৰয়োজন হৈ থকা চিকিৎসালয়খনত নাই এগৰাকীও স্থায়ী চিকিৎসক ৷ বৃহত্তৰ অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ একমাত্ৰ অনুষ্ঠানখনত শীঘ্ৰেই উপযুক্ত পৰিমানে চিকিৎসক তথা চিকিৎসাকৰ্মী নিযুক্তি দিবলৈ স্থানীয় ৰাইজে বাৰম্বাৰ অনুৰোধ জনাইয়ো বিফল হৈ পৰিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে বিভিন্ন স্বাস্থ্যকেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্যখণ্ডৰ উন্নতিৰ ফটা ঢোল বজাই আছে যদিও বাস্তৱক্ষেত্ৰত এইদৰেই চলিছে ৰাজ্যৰ স্বাস্থ্যখণ্ড ৷