গোসাঁইগাঁও,৪ জুলাই: গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ, তামাৰহাট আদি কৰি বিভিন্ন অঞ্চলত বিদ্যুৎ বিভাগৰ অনিয়মীয়া বিদ্যুৎ যোগান ৷ ক্ষুব্ধ স্থানীয় ৰাইজ ৷ যাৰ পৰিণতিত বৃহস্পতিবাৰে শ্ৰীৰামপুৰ বজাৰত ডি কে পথ অৱৰোধ স্থানীয় ৰাইজৰ। ২৪ ঘণ্টাৰ ভিতৰত ৪ ঘণ্টাও বিদ্যুৎ যোগান নাপায় অঞ্চলটোৰ গ্ৰাহক ৰাইজে। ইয়াৰ ফলত উৎকট গৰমত বিদ্যুৎ অবিহনেই দিন ৰাতি অতিবাহিত কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে।
বিদ্যুৎ নাই, ৰাজপথত ৰাইজ ! - ETV BHARAT
গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ,তামাৰহাট আদি কৰি বিভিন্ন অঞ্চলত বিদ্যুৎ বিভাগৰ অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত আজি শ্ৰীৰামপুৰ অঞ্চলৰ ৰাইজ ক্ষুব্ধ হৈ পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে পথ অৱৰোধ
সেয়েহে বিদ্যুৎ বিভাগৰ এই চৰম অৱহেলা আৰু দুৰ্নীতিৰ বিৰুদ্ধে আজি শ্ৰীৰামপুৰ এলেকাৰ ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। দীৰ্ঘ সময় ধৰি পথ অৱৰোধ কৰাৰ অন্তত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও দীৰ্ঘ সময় ধৰি যান বাহন চলাচল বন্ধ থাকে।