গোসাইগাঁও, 17 ছেপ্টেম্বৰ :কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন সাপট দলঙৰ সমীপত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰৰ নিশা আৰক্ষীয়ে অভিযান চলাই HR 55 P 0299 নম্বৰৰ এখন খয়েৰ কাঠ ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ ধৃত লোক দুজন উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ দেবেন্দৰ কুমাৰ আৰু পৱন কুমাৰ বুলি জানিব পৰা গৈছে ৷
গোসাইগাঁও আৰক্ষীৰ অভিযানত খয়েৰ ভৰ্তি ট্ৰাক জব্দ - আটক
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন সাপট দলঙৰ সমীপত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীৰ খয়েৰ কাঠ ভৰ্তি ট্ৰাক জব্দ ৷ লগতে 2 জন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ ৷
![গোসাইগাঁও আৰক্ষীৰ অভিযানত খয়েৰ ভৰ্তি ট্ৰাক জব্দ Gosaigaon Police Recoverd In Illigal Timber Shop](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8837904-thumbnail-3x2-ass.jpg)
গোসাইগাঁও আৰক্ষীৰ অভিযানত খয়েৰ ভৰ্তি ট্ৰাক জব্দ
গোসাইগাঁও আৰক্ষীৰ অভিযানত খয়েৰ ভৰ্তি ট্ৰাক জব্দ
প্ৰাপ্ত তথ্য অনুসৰি,কোকৰাঝাৰৰ পৰা বংগ অভিমুখে কোনো বৈধ নথি নোহোৱাকৈ ট্ৰাকখন পাৰ হ'ব বুলি আৰক্ষীয়ে আগতীয়াকৈ খবৰ লাভ কৰিছিল ৷ উক্ত খবৰৰ ভিত্তিত গোসাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৃহস্পতিবাৰে পুৱতি নিশা 3 মান বজাত ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷