গোসাঁইগাঁৱ, 9 জুলাইঃঅসম-বংগ সীমান্তৰে বৈ অহা হাৰাফুটা নৈৰ গৰাখহনীয়াত আতংকিত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱ অঞ্চলবাসী ৷ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ অঞ্চলৰ অধিকাংশ খেতি-মাটিকে ধৰি অঞ্চলটোৰ বজাৰ-অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে নৈখনত সৃষ্টি হোৱা গৰাখহনীয়াই ৷
হাৰাফুটা নদীৰ খহনীয়াঃ আতংকিত গাঁওবাসী
অসম-বংগ সীমান্তৱৰ্তী হাৰাফুটা নৈৰ গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰিছে গোসাঁইগাঁৱত ৷ ইতিমধ্যেই গাঁৱখনৰ বহুসংখ্যক মাটি খহনীয়াত জাহ গৈছে যদিও এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷
গোসাঁইগাঁৱ হাৰাফুটা নদীৰ খহনীয়াঃ আতংকিত গাঁৱবাসী
নৈখনৰ খহনীয়াক লৈ গাঁওবাসীয়ে স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আবেদন জনাইছে যদিও এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷ মডেল বিটিচিৰ কথা কোৱা বিটিএডি প্ৰশাসনৰ চূড়ান্ত হেমাহিৰ বাবেই এতিয়া এইদৰে আতংকৰ মাজেৰে জীৱন পাৰ কৰিবলগীয়া হৈছে বৃহত্তৰ গাঁওবাসীয়ে ৷