গোঁসাইগাঁও,8 নৱেম্বৰ:কোকৰাঝাৰৰ শ্ৰীৰামপুৰৰ বাসিন্দা সুশান্ত সাহাৰ ঘৰৰ পৰা ভণ্ড সাধুৱে লুটি নিয়ে কেইবা হাজাৰ টকাৰ মূল্যৰ সোণৰ অলংকাৰ । ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে বহিঃৰাজ্যৰ পৰা দুজনকৈ অচিনাক্ত সাধুৱে ব্যক্তিগৰাকীৰ ঘৰত উপস্থিত হৈ বিভিন্ন প্ৰলোভন দেখুৱাই পৰিয়ালৰ মংগলৰ বাবে পূজা-পাতল কৰিবলৈ আৰম্ভ কৰে ৷ এই পূজাৰ জৰিয়তে ব্যক্তিগৰাকীৰ ঘৰত মজুত থকা সোণৰ অলংকাৰসমূহ বিচাৰে ৷
ইপিনে, পৰিয়ালৰ মুৰব্বী ঘৰত উপস্থিত নথকাত মহিলাগৰাকীয়ে সোণৰ অলংকাৰসমূহ আনি দিয়াত পূজা সমাপ্ত কৰি পূজাৰ সামগ্ৰীৰ লগতে অলংকাৰ সমূহ এটা মন্দিৰত ৰখাৰ পৰামৰ্শ দিয়ে সাধু দুগৰাকীয়ে ৷ সাধুৰ পৰামৰ্শ অনুসৰি মহিলাগৰাকীয়ে উক্ত কাম কৰে ৷ পৰৱৰ্তী সময়ত সাধু দুগৰাকী আঁতৰি যায় ৷ এই ঘটনাৰ পিছদিনা পৰিয়ালটোৰ লোকে পূজাৰ সামগ্ৰীৰ মাজত সোণৰ অলংকাৰ বিচাৰি নাপাই হুলস্থুল কৰে যদিও সাধু দুজনৰ সন্ধান ক’তো লাভ নকৰিলে ৷