গোঁসাইগাঁও,15 অক্টোবৰ: কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণ্টুৰাম বৰাৰ নেতূত্বত গোসাইগাঁও সদৰ চহৰৰ সমীপৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ সাপট দলঙৰ ওচৰত থকা আৰক্ষীৰ নাকা তলাচীত এক নাৰী সৰবৰাহকাৰী চক্ৰ গ্ৰেপ্তাৰৰ লগতে চক্ৰটোৰ কৱলৰ পৰা এগৰাকী যুৱতীক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
আটকাধীন কেইজন ক্ৰমে ৰোহিত কুমাৰ,ৰাজীৱ কুমাৰ,পিংকি দেৱী আৰু আছমানি বৈটা ৷ তেওঁলোক বিহাৰৰ পূৰ্নিয়া জিলাৰ বাসিন্দা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ পূৰ্নিয়াৰ পৰা ফেচবুকযোগে পৰিচয় হোৱা ৰাভা সম্প্ৰদায়ৰ যুৱতী গৰাকীক ফুচুলাই বিহাৰলৈ লৈ যোৱা পৰিকল্পনা কৰা হৈছিল ৷