কোকৰাঝাৰ, ৮ ছেপ্টেম্বৰ: অসমত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে প্ৰশাসনে অভিযান অব্যাহত ৰখাৰ সময়তে অসম-ত্ৰিপুৰা সীমান্ত জব্দ হ'ল বহু পৰিমাণৰ গাঞ্জা । অসমত প্ৰৱেশৰ প্ৰাক মূহুৰ্তত ত্ৰিপুৰা আৰক্ষীয়ে চুৰাইবাৰীত অভিযান চলাই ১১৯৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে । দুখন ট্ৰাকত অনা হৈছিল গাঞ্জাখিনি । আৰক্ষীয়ে ট্ৰাক দুখনত তালাচী চলাই গাঞ্জাখিনি জব্দ কৰে ।
আৰক্ষীয়ে এখন ট্ৰাকৰ চালক আৰু সহ চালকক আটক কৰে যদিও আন এখন ট্ৰাকৰ চালক আৰু সহ চালক আৰক্ষীৰ সন্মুখৰ পৰাই পলায়ন কৰিবলৈ সক্ষম হয় । জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ১ কোটি টকা । অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী এলেকাত PB 19 M 9376 নম্বৰৰ এখন ট্ৰাকত আৰক্ষীয়ে প্ৰথমে অভিযান চলাই মুঠ ৯৮৭ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰু ট্ৰাকখনৰ চালক আৰু সহচালকক আটক কৰে । ইয়াৰ পাছতে NL 01 AB 4645 নম্বৰৰ আনখন ট্ৰাকত আৰক্ষীয়ে অভিযান চলায় আৰু ট্ৰাকখনৰ পৰা ২০৭ কিলোগ্ৰাম গাঞ্জা জব্দ হয় ।
আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰে যদিও ট্ৰাকখনৰ চালক আৰু সহ চালকে পলায়ন কৰিবলৈ সক্ষম হয় । অসমলৈ সৰবৰাহৰ উদ্দেশ্যেৰে গাঞ্জাখনি অনা হৈছিল ।