কোকৰাঝাৰ,১৭ ফেব্ৰুৱাৰী : অসম আৰক্ষীৰ এনকাউণ্টাৰ অব্যাহত আছে । এইবাৰ কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰীত চলিল আৰক্ষীৰ এনকাউণ্টাৰ (Police Encounter at Kokrajhar)। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত গাঞ্জা সৰবৰাহকাৰী ।
কোকৰাঝাৰ আৰক্ষীয়ে বুধবাৰে নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে যোৱা AS-01-DD-8635 নম্বৰৰ এখন ট্ৰাকত চলাই তালাচী । তালাচীৰ সময়ত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৫৫ টা গাঞ্জা ভৰ্তি পেকেট উদ্ধাৰ কৰে আৰক্ষীয়ে । গাঞ্জাখিনিৰ ওজন প্ৰায় ৩৫০ কেজি হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে । ইয়াৰ লগতে গাঞ্জা সৰবৰাহ কৰা ত্ৰিপুৰা সুন্দৰটিলাৰ সুমন নমো আৰু ৰাহুল সৰকাৰ নামৰ দুজন লোককো আৰক্ষীয়ে আটক কৰে ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধাপোছা অব্যাহত ৰখাৰ সমতে সুমন নমোয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভাওৰাগুৰীলৈ যোৱা পথৰ দাঁতিত দুটা গাঞ্জাৰ পেকেট লুকুৱাই থোৱা বুলি স্বীকাৰ কৰে । তাৰপাছতে আৰক্ষীয়ে সুমন নমোক লৈ গাঞ্জাৰ পেকেট দুটা উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীলৈ ৰাওনা হয় আৰু নিশা প্ৰায় ২ বজাত অভিযুক্তই দেখুৱাই দিয়া স্থানৰ পৰা আৰক্ষীয়ে গাঞ্জাৰ পেকেট দুটা উদ্ধাৰ কৰে ।