কোকৰাঝাৰ,12 নৱেম্বৰ:কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰত জব্দ প্ৰায় 20 লক্ষাধিক মূল্যৰ গাঞ্জাসহ এখন ট্ৰাক ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱতি নিশা শিমুলটাপু আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা অভিযানত ইউ পি ৭১ টি ২৯২৩ নম্বৰৰ এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় গাঞ্জাখিনি ৷ গাঞ্জাখিনিৰ সৈতে আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ চালক সহিতে আন দুগৰাকী লোকক ৷ জব্দ কৃত গাঞ্জাখিনিৰ বজাৰ মূল্য আনুমানিক ২০ লক্ষাধিক টকা বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ৷
শ্ৰীৰামপুৰত 20 লক্ষাধিক মূল্যৰ গাঞ্জা জব্দ - অৰুণাচলী গাঞ্জা
শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত জব্দ গাঞ্জা ৷ গাঞ্জাখিনি জব্দ কৰাৰ লগতে আটক তিনিগৰাকী ব্যক্তি ৷ জব্দ কৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 20 লাখ টকা ৷
গাঞ্জা সহ ট্ৰাক জব্দ
ইফালে আটকাধীন লোকসকল উত্তৰ প্ৰদেশৰ বিজয় কুমাৰ, জন ফানছিচ আৰু দীপক কুমাৰ বুলি জানিব পৰা গৈছে৷ বংগ অভিমুখে গৈ থকা ট্ৰাকখনত শিমলুটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন দৈমাৰীয়ে তালাচী চলাই এটা গোপন কক্ষৰ পৰা জব্দ কৰে প্ৰায় 300 কিল’গ্ৰাম অৰুণাচলী গাঞ্জা ৷ আৰক্ষীয়ে গাঞ্জাখিনি কোনে ক’ৰ পৰা এনেদৰে ট্ৰাকখনত পঠিয়াইছিল সেই শুংসূত্ৰ বিচাৰি আৰম্ভ কৰিছে অভিযান ৷