অসম

assam

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 7:37 PM IST

ETV Bharat / state

Ganesh Chaturthi 2023: প্ৰমোদ বড়োৰ দিনত বিটিচিৰ সকলো জাতি-জনগোষ্ঠী অশান্তিত আছে ; হাগ্ৰামা মহিলাৰী

গণেশ চতুৰ্থীত গণপতিৰ চৰণত ধূপ-দ্বীপ জ্বলাই শান্তি কামনা হাগ্ৰামাৰ ৷ গণপতিৰ ওচৰত সেৱা-প্ৰাৰ্থনা জনোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে আগবঢ়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য । প্ৰমোদ বড়োৰ দিনত বিটিচিৰ সকলো জাতি-জনগোষ্ঠী অশান্তিত আছে বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

Ganesh Chaturthi celebration in Kokrajhar
সিদ্ধিদাতাৰ আশিস গ্ৰহণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে

সিদ্ধিদাতাৰ আশিস গ্ৰহণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে

কোকৰাঝাৰ,১৯ ছেপ্টেম্বৰ:সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বিটিচিৰ সদৰ কোকৰাঝাৰতো মঙলবাৰে উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ চতুৰ্থী তথা গণেশ পূজা ৷ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰ চহৰৰ মাৰ্চেন্ট কলনী গণেশ পূজা মণ্ডপত উপস্থিত হৈ বিটিচিৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ শান্তি কামনাৰে পূজা-অৰ্চনাত অংশগ্ৰহণ কৰে ৷

গণপতিৰ ওচৰত আঠু লৈ সেৱা-প্ৰাৰ্থনা জনোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ জিলাৰ ঝাৰবাৰীত বন কৰ্মীৰ গুলী চালনাত নিহত চোৰাং কাঠ সৰবৰাহকাৰী হেমন্ত নাৰ্জাৰী নিৰ্দোষী আছিল বুলি মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে ঝাৰবাৰীত যি হৈছে ফেৰেংগা অৰ্থাৎ বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৱে জানিব ৷

ঝাৰবাৰী ঘটনা সন্দৰ্ভত ঝাৰবাৰী ৰেঞ্জৰ ৰেঞ্জাৰক গ্ৰেপ্তাৰ কৰাটো ভাল হৈছে বুলি মন্তব্য কৰি হাগ্ৰামাই কয় যে এতিয়া সকলো কথা ওলাই পৰিব । মুঠতে এতিয়া বিটিচিত শান্তি নাই বুলি উল্লেখ কৰি হাগ্ৰামাই লগতে কয় যে প্ৰমোদ বড়োৰ দিনত এনেকুৱা ঘটনা ঘটিয়ে থাকিব ৷ প্ৰমোদ বড়োৰ দিনত বিটিচিৰ সকলো জাতি-জনগোষ্ঠী অশান্তিত আছে ৷ আজিৰ দিনত ইউপিপিএল নকৰিলে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনতো ঘৰ লাভ নকৰে দুখীয়া ৰাইজে ।

চৰকাৰৰ চৰিত্ৰ এনে হ'ব নালাগে বুলি উল্লেখ কৰি তেওঁ কয় যে আমাৰ দিনত এনেকুৱা হোৱা নাছিল ৷ প্ৰমোদ বড়ো, ফেৰেংগাহঁতে পইচাও খাব আৰু বিল নিদিব ৷ ইপিনি ওদালগুৰিৰ কলাইগাঁৱত শেহতীয়াকৈ ভূমি অধিকাৰ মঞ্চ নামৰ সংগঠন এটা গঠন সন্দৰ্ভত সংবাদমাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে কয় যে সংগঠনটোত কেৱল মুছলমান সম্প্ৰদায়ৰ লোকহে আছে ৷ বেলেগ জাতি-জনগোষ্ঠীৰ মানুহ নাই ৷ কিন্তু বিটিচিত মাটি-বাৰীৰ সমস্যাৰ সন্মুখীন কেৱল মুছলমানসকলেই হোৱা নাই ৷ সকলো জাতি জনগোষ্ঠীৰে মাটি-বাৰীৰ সমস্যা আছে ৷

গতিকে ভূমিৰ অধিকাৰ মঞ্চত মুছলমান, বড়ো, কোচ-ৰাজবংশী, বেংগলী সকলো জনগোষ্ঠীৰ লোকক অন্তৰ্ভুক্ত কৰিলেহে ভাল হ'ব ৷ বিপিএফ শাসনলৈ আহিলে বনাঞ্চলত বসবাস কৰা আৰু একচনীয়া মাটিত বসৱাস কৰা লোকক মাটিৰ পট্টা দিব বুলি উল্লেখ কৰি হাগ্ৰামাই কয় যে প্ৰমোদ বড়োই ইচ্ছা কৰিলে দিব পাৰে কিন্তু নিদিয়ে । ইফালে কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ কাষতে নিৰ্মাণ কৰা মুখ্য কাৰ্যবাহী, কাৰ্যবাহী, পাৰিষদসকলৰ আৱাস কলনীটো বিপিএফৰ আমোলত নিৰ্মাণ কৰা হৈছিল বাবেই বৰ্তমানৰ বিটিআৰ চৰকাৰে পেলাই ৰাখিছে বুলিও আক্ষেপ প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে পঢ়ক:Robbery case in Nagaon : দিন দুপৰতে ঠিকাদাৰক পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটিলে ১৫ লাখ টকা

For All Latest Updates

ABOUT THE AUTHOR

...view details