কোকৰাঝাৰ, 10 অক্টোবৰঃ ৰাজ্যৰ চলচিত্ৰ জগতলৈ সু-খবৰ ৷ অসমীয়া নহয় এতিয়া বড়ো ভাষাটো নিৰ্মাণ হৈছে ছবি ৷ "গোখাৰ", শেহতীয়াকৈ কৈ মুক্তি পোৱা এইখন বড়ো ভাষাৰ ছবিয়ে বৰ্তমান যথেষ্ট চৰ্চা লাভ কৰিছে ৷ কোকৰাঝাৰত তিনিটাকৈ প্ৰদৰ্শনীৰে লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি ৷ আৰ বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখন কোকৰাঝাৰ চহৰস্থিত গোল্ড চিনেমা হ'লত প্ৰদৰ্শন কৰা হয় ৷ ছবিখনৰ তিনিটাকৈ প্ৰদৰ্শনী হাউচফুল হোৱাত উৎফুল্লিত হৈ পৰিছে আৰ বি প্ৰডাকচনৰ নিৰ্মাতা ৰিয়া ব্ৰহ্ম। গোখাৰ হৈছে চৰ্তুথখন পূৰ্ণদৈঘ্যৰ বড়ো চলছিত্ৰ ৷
ছবিগৃহত বড়ো ভাষাৰ চতুৰ্থখন ছবি 'গোখাৰ' - Gokhar in the theater
আৰ বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখন কোকৰাঝাৰ চহৰস্থিত গোল্ড চিনেমা হ'লত প্ৰদৰ্শন কৰা হয় ৷ ছবিখনৰ তিনিটাকৈ প্ৰদৰ্শনী হাউচফুল হোৱাত উৎফুল্লিত হৈ পৰিছে আৰ বি প্ৰডাকচনৰ নিৰ্মাতা ৰিয়া ব্ৰহ্ম।

ছবিগৃহত 'গোখাৰ'
ছবিগৃহত 'গোখাৰ'
এক্সন , ৰোমাঞ্চ আৰু সাম্প্ৰতিক সমাজ উগ্ৰবাদ আৰু হিংসাৰ দৰে ঘটনাকলৈ নিৰ্মান কৰা হৈছে গোখাৰ ৷ গোখাৰৰ অৰ্থ হৈছে(পবিত্ৰ) ৷ ছবিখনৰ চলচিত্ৰ নিৰ্দেশক ৰাজা নাৰ্জাৰী, অভিনয় কৰিছে লিংগছাৰ নাৰ্জাৰী, পূজা মোছাহাৰী, ঠাকলাই, ৰিয়া ব্ৰহ্ম, ৰাজাশ্ৰী আৰু সুকবিৰ আদিয়ে ৷