অসম

assam

ETV Bharat / state

Road accident at Kokrajhar: মহিলাসহ চাৰিজন লোক আহত - কোকৰাঝাৰ জিলাৰ ছালাকাটি

কোকৰাঝাৰত দেওবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(Road accident at Kokrajhar) ৷ চাৰি চকীয়া বাহনক খুন্দিয়াই পথৰ দাঁতিত বাগৰিল ১২ চকীয়া ট্ৰেংকাৰ ৷ ঘটনাত গুৰুতৰভাৱে আহত চাৰিজন ৷

four-people-injured-in-road-accident-at-kokrajhar
কোকৰাঝাৰত দেওবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা

By

Published : Jul 10, 2022, 10:29 PM IST

কোকৰাঝাৰ, 10 জুলাই :দেওবাৰে কোকৰাঝাৰ জিলাৰ ছালাকাটিত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(Road accident at Kokrajhar)৷ ছালাকাটিৰ তিনিআলি চ’কত সংঘটিত হোৱা উক্ত পথ দুৰ্ঘটনাত মহিলাসহ চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ আহতসকলক গোৱালপাৰা জিলাৰ দূধনৈৰ কৰলাপাৰা গাঁৱৰ ক্ৰমে মহিনী বসুমতাৰী (44), বুধবাৰী বসুমতাৰী (47), হুমায়ুন বসুমতাৰী (50) আৰু বাপন বসুমতাৰী (16) বুলি জানিব পৰা গৈছে (Four people injured in Road accident at Kokrajhar) ।

কোকৰাঝাৰত দেওবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা

ঘটনা অনুসৰি, বিয়লি ছালাকাটিৰ তিনিআলি চ’কত AS 16 AC4054 নম্বৰৰ ১২ চকীয়া এখন ট্ৰেংকাৰ গাড়ীৰ সৈতে AS 01 AL 1886 নম্বৰৰ এখন চেন্ট্ৰ’ গাড়ী মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাৰ ফলত ট্ৰেংকাৰ গাড়ীখন পথৰ দাঁতিত বাগৰি পৰে আৰু দুৰ্ঘটনাত চেন্ট্ৰ’ গাড়ীখনত থকা চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷

কোকৰাঝাৰত দেওবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা

ইফালে, আহতসকলক প্ৰথমে কোকৰাঝাৰৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে, দুৰ্ঘটনা সংঘটিত কৰি পলাতক হৈ থকা ট্ৰেংকাৰ গাড়ীখনৰ চালক বিজয় পণ্ডিতক ছালাকাটি আৰক্ষীয়ে আটক কৰা বুলি জনা গৈছে ৷

লগতে পঢ়ক :বৰপেটাৰোডৰ গাইবান্ধাত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details