অসম

assam

ETV Bharat / state

২৫ ৰ পৰা ৩০ আসন দখল কৰিম : মনোনয়ন দাখিল কৰি আশাবাদী হাগ্ৰামা মহিলাৰী - চাৰিখন আসনতে জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য

সোমবাৰে বিপিএফৰ চাৰিজন হাই প্ৰফাইল নেতাই দাখিল কৰিলে মনোনয়ন ৷ চাৰিখন আসনতে জয়লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে মনোনয়ন দাখিল কৰা প্ৰাৰ্থী কেইগৰাকীয়ে ৷

বিপিএফৰ চাৰি হাই প্ৰফাইল নেতাৰ মনোনয়ন দাখিল
BTAD নিৰ্বাচন

By

Published : Mar 16, 2020, 5:42 PM IST

Updated : Mar 16, 2020, 11:49 PM IST

কোকৰাঝাৰ, 16 মাৰ্চ :হাজাৰ হাজাৰ দলীয় কৰ্মী, সমৰ্থকক লগত লৈ ঢোলে-দগৰে বিপিএফৰ চাৰিজন হাই প্ৰফাইল নেতাই দাখিল কৰিলে মনোনয়ন ৷ মনোনয়ন দাখিলৰ সময়ত তেওঁলোকে দাবী কৰে যে, তেওঁলোকে নিবাৰ্চনত জয়লাভ কৰিবলৈ সক্ষম হ'ব ৷

বিপিএফৰ চাৰি হাই প্ৰফাইল নেতাৰ মনোনয়ন দাখিল

বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, 25 ৰ পৰা 30 খন আসন মিত্ৰজোঁট দলে লাভ কৰিব আৰু সোমবাৰে কোকৰাঝাৰত মনোনয়ন পত্ৰ দাখিল কৰা চাৰিগৰাকী প্ৰাৰ্থীৰে বিজয় নিশ্চিত ৷

বিপিএফৰ চাৰি হাই প্ৰফাইল নেতাৰ মনোনয়ন দাখিল

উল্লেখ্য যে, কোকৰাঝাৰত বিপিএফৰ হৈ মনোনয়ন দাখিল কৰা প্ৰাৰ্থী কেইগৰাকী হৈছে দেৱৰগাঁও সমষ্টিৰ পৰা হাগ্ৰামা মহিলাৰী, চালাকাটি সমষ্টিৰ পৰা দেৰহাছাত বসুমতাৰী, বাওঁশুংগ্ৰী সমষ্টিৰ পৰা দনেশ্বৰ গয়াৰী আৰু বনৰগাঁও সমষ্টিৰ পৰা ৰাজীৱ ব্ৰহ্ম ৷

আৰু পঢ়ক : COVID-19 মহামাৰীঃ কাৰাগাৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিজাববীয়া সিদ্ধান্ত গ্ৰহণ

Last Updated : Mar 16, 2020, 11:49 PM IST

ABOUT THE AUTHOR

...view details