কোকৰাঝাৰ, ৪ মাৰ্চ : নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ আধাৰশিলা স্থাপনৰেৰে ৰাইজক আকৰ্ষণ কৰিবলৈ উঠিপৰি লাগিছে ৰাজনৈতিক দলৰ নেতাসকল ।
বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ আধাৰশিলা স্থাপন সোমবাৰে কোকৰাঝাৰৰত তিনিখনকৈ আৰচিচি দলং নিৰ্মাণ, পথ নিৰ্মাণ , বজাৰ গৃহ নিৰ্মাণ আদিকে ধৰি কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে পশ্চিম কোকৰাঝাৰৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । ৰাজ্য চৰকাৰৰ মহাবীৰ লাচিত চিলাৰায় সেঁতু নিৰ্মাণ অভিযানৰ অধীনত সমষ্টিটোৰ অন্তৰ্গত মুকুলদাং-চেকাদানীত দুই কোটি ৭১ লাখ আৰু পানবাৰী-কৱৈমাৰীত ৩ কোটি ৩৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰে সমষ্টিটোৰ বিধায়কগৰাকীয়ে । ইয়াৰোপৰি ইছলামপুৰত আন এখন আৰচিচি দলং, গৰুফেলাত বজাৰ গৃহ, মালসিংবুছা গাঁৱত চিচি ব্ল'ক ৰোড আদিকে ধৰি সমষ্টিটোৰ বিভিন্ন এলেকাত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ৷