অসম

assam

ETV Bharat / state

বিজেপিত যোগদানৰ বাবে ধনৰ লেনদেন বিপিএফৰ প্ৰাক্তন নেতাৰ: হাগ্ৰামা - হাগ্ৰামা মহিলাৰী

বিপিএফৰ প্ৰাক্তন নেতা ক্ৰমে ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাত বসুমতাৰীয়ে বৃহৎ ধন দি বিজেপিত যোগদান কৰিছে ৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷

Former BPF leader
বিজেপিত যোগদানৰ বাবে ধনৰ লেনদেন কৰিছে বিপিএফৰ প্ৰাক্তন নেতাই

By

Published : Oct 18, 2021, 10:03 PM IST

কোকৰাঝাৰ, ১৮ অক্টোবৰ : বিটিআৰৰ বনৰগাঁও আৰু সুবাইঝাৰ সমষ্টিৰ পৰিষদীয় সদস্য তথা বিপিএফৰ প্ৰাক্তন নেতা ক্ৰমে ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাত বসুমতাৰীয়ে বৃহৎ ধন দি বিজেপিত যোগদান কৰিছে ৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷

সোমবাৰে গোসাইগাঁওস্থিত বিপিএফৰ গুমা ব্লক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাত উপস্থিত থাকে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ৷ উক্ত সভাৰ পাচতে মহিলাৰীয়ে কয়, বনৰগাঁও আৰু সুবাইঝাৰ সমষ্টিৰ পৰিষদীয় সদস্য দুগৰাকীয়ে বিগত পাঁচ-ছয় মাহৰ পৰা বিজেপিত যোগদানৰ চেষ্টা চলাই আছিল ৷ কিন্তু বিজেপিয়ে সদস্য দুগৰাকীৰ যোগদানক লৈ গুৰুত্ব দিয়া নাছিল ৷

বিজেপিত যোগদানৰ বাবে ধনৰ লেনদেন কৰিছে বিপিএফৰ প্ৰাক্তন নেতাই

যাৰ পৰিপেক্ষিতত বিজেপিৰ পৰা গুৰুত্ব নাপাই ৰাজীৱ ব্ৰহ্মই দলটোৰে এগৰাকী কৰ্মীক ৪০ লাখ টকা দি পাৰিষদ দ্বয়ে বিজেপিত যোগদান কৰিছে বুলি অভিযোগ কৰে মহিলাৰীয়ে ৷ তেওঁ লগতে কয়, দুটা কিস্তিত ধন আদায় কৰিছিল ৰাজীৱ ব্ৰহ্মই ৷

ইপিনে, মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে আকৌ কয় যে, মিত্ৰতা সন্দৰ্ভত বিজেপিৰ সৈতে আলোচনা সম্পূৰ্ণ হৈছে ৷ এতিয়া কেৱল বিজেপিৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণাহে বাকী ৷ আনপিনে উপ-নিৰ্বাচনত বিপিএফে ভবানীপুৰ সমষ্টিত বিজেপিক সমৰ্থন কৰিব বুলি সদৰী কৰাৰ বিপৰীতে গোসাইগাঁও সমষ্টিত বিপিএফৰ জয় নিশ্চিত বুলি দাবী কৰে ৰাজীৱ মহিলাৰীয়ে ৷

লগতে পঢ়ক:অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

ABOUT THE AUTHOR

...view details