শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে অসমত উপস্থিত ফান্সৰ দম্পতি
বিশ্ব ভ্ৰমণ কৰি চাৰিজনীয়া ফ্ৰান্সৰ দলটো শনিবাৰে কোকৰাঝাৰত আহি উপস্থিত হয় ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমলৈ আহি উৎফুল্লিত পৰ্যটক দম্পতি
কোকৰাঝাৰ,30মাৰ্চঃসাত সাগৰ তেৰ নদী পাৰহৈ অসমত ভৰি দিলে ফ্ৰান্সৰ চাৰি জনীয়া পৰ্যটকৰ দল ৷ অসমত উপস্থিত হৈয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যদেখি উৎফুল্লিতপৰ্যটকৰ দলটো । শনিবাৰে শান্তি প্ৰতিষ্ঠাৰ বাবে বিশ্ব ভ্ৰমণলৈ ওলোৱা ফ্ৰান্সৰ চাৰিজনীয়া দলটো কোকৰাঝাৰৰ গোসাঁইগাঁৱত আহি উপস্থিত হয় । উল্লেখ্য যেপিটাৰ, টেৰেছা, মিখেইল আৰু বনজেইন দম্পত্তি দুটাই পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰি কিছুদিন আগতে ভাৰতবৰ্ষত আহি উপস্থিত হয় । আনহাতে এই দলটো গোসাঁইগাঁৱৰ পৰা গুৱাহাটী হৈ যাব মেঘালয়লৈ । ইপিনে পৰ্যটক দম্পত্তিয়ে সাংবাদিকৰ লগত মত বিনিময়ৰ সময়ত ভাৰতবৰ্ষখন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ বুলি মন্তব্য কৰে ৷ লগতেভাৰতবৰ্ষত যদিও আৰ্য-অনাৰ্যকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহে বসবাস কৰে তথাপি মানুহবোৰ শান্তিপ্ৰিয়, মৰমিয়াল আৰু এজনে আনজনৰ সুখ-দুখৰ সমভাগী বুলি মন্তব্য কৰিআনন্দ প্ৰকাশ কৰে বিশ্ব শান্তিৰ বাবে অহা ভ্ৰমণকাৰী দলটোৱে। দেশ দুখনৰ মাজত সংস্কৃতিক আদান-প্ৰদান হোৱাটো বিচাৰে ভ্ৰমণকাৰী দলটোৱে ।