কোকৰাঝাৰ, 11 জুলাইঃ নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ পাহাৰৰ পৰা নামি অহা সোণকোষ , গৌৰাং , গংগীয়া , লংগা আদি নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত বানে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ বিশেষকৈ গংগীয়া নৈৰ বাঢ়নী পানীয়ে বিপদসীমা অতিক্ৰম কৰাত জিলাখনৰ দোতমাৰ এক বিস্তীৰ্ণ অঞ্চল বানত ডুব গৈছে । দোতমাৰ তিনি নং সিকাৰবিল নামৰ গাঁওখন বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে৷ গাওঁখনৰ মাজেদি বৈ যোৱা গংগীয়া নৈৰ খহনীয়াৰ ফলত কেইবাটাও পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ।
বান আহিছে কোকৰাঝাৰত - কোকৰাঝাৰ
কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বান-খহনীয়াৰ প্ৰত্যক্ষ কৰি পৰিস্থিতিৰ বুজ লয় । বিধায়কগৰাকীয়ে গংগীয়া নৈক লৈ বৃহৎ প্ৰকল্প গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে বান-গৰা খহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে ৷
http://10.10.50.80:6060//finalout3/assam-nle/thumbnail/11-July-2019/3808959_318_3808959_1562851879776.png
কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বান-খহনীয়াৰ প্ৰত্যক্ষ কৰি পৰিস্থিতিৰ বুজ লয় । বিধায়কগৰাকীয়ে গংগীয়া নৈক লৈ বৃহৎ প্ৰকল্প গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে বান-গৰা খহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে ৷ ইপিনে নেৰানেপেৰা বৰষুণৰ বাবে প্ৰশাসনৰ উদ্ধাৰ আৰু সাহায্য অভিযানো বাধাগ্ৰস্ত হৈছে ৷