অসম

assam

ETV Bharat / state

নৈশ সান্ধ্য আইনৰ মাজতে কোকৰাঝাৰৰ ইউপিপিএলৰ যুৱ কাৰ্যালয়ত গুলিচালনা - আৰক্ষীৰ দল

নৈশ সান্ধ্য আইন চলি থকাৰ মাজতে বৃহস্পতিবাৰে মাজনিশা কোকৰাঝাৰত গুলিচালনাৰ ঘটনা ৷ জিলাখনৰ হালাং বজাৰস্থিত ইউপিপিএলৰ যুৱ কাৰ্যালয় লৈ লক্ষ্য কৰি দুষ্কৃতিকাৰীৰ গুলীবৰ্ষণ ৷

firing at uppl youth office in kokrajhar
কোকৰাঝাৰত নিশা দুৰ্বৃত্তৰ গুলিচালনা

By

Published : Apr 30, 2021, 12:53 PM IST

Updated : Apr 30, 2021, 1:42 PM IST

কোকৰাঝাৰ, ৩০ এপ্ৰিল : ভোট গণনালৈ মাজতে মাথো দুটা দিন বাকী থকা অৱস্থাত কোকৰাঝাৰৰ হালাং বজাৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ বৃহস্পতিবাৰে মাজনিশা কোকৰাঝাৰ জিলাৰ হালাং বজাৰস্থিত ইউপিপিএলৰ যুৱ কাৰ্যালয়ত এই গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ দুষ্কৃতিকাৰীৰ দলে যুৱ ইউপিপিএলৰ কাৰ্যালয়লৈ লক্ষ্য কৰি কেইবাজাই গুলীবৰ্ষণ কৰে ৷ গুলীবৰ্ষণৰ সময়ছোৱাত যুৱ ইউপিপিএলৰ কেইবাগৰাকী সদস্য কাৰ্যালয়টোত শুই আছিল ৷

নৈশ সান্ধ্য আইনৰ মাজতে কোকৰাঝাৰৰ ইউপিপিএলৰ যুৱ কাৰ্যালয়ত গুলিচালনা

অৱশ্যে এই ঘটনাত কাৰ্যালয়টোত থকা কোনো সদস্য হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ নৈশ সান্ধ্য আইন চলি থকাৰ মাজতে দুষ্কৃতিকাৰীৰ দলে যুৱ ইউপিপিএলৰ কাৰ্যালয়ৰ সীমাৰ দেৱালৰ বাহিৰৰ পৰা কাৰ্যালয় লৈ বুলি লক্ষ্য কৰি গুলীচালনা কৰে ৷ সম্প্ৰতি ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৷ যুৱ ইউপিপিএলৰ কাৰ্যালয়ৰ বেৰত তিনি জাঁই গুলীৰ আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰা হৈছে ৷

গুলীচালনাৰ খবৰ পোৱাৰ পাছতেই বৃহস্পতিবাৰে নিশাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইপিনে ইউপিপিএলৰ নেতা ৰবিৰাম ব্ৰহ্মই হালাং বজাৰস্থিত যুৱ ইউপিপিএলৰ কাৰ্যালয়ত গুলীচালনা কৰা ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত থকা বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ৷

লগতে ইউপিপিএলৰ নেতা গৰাকীয়ে ঘটনাৰ সতে জড়িত সকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোবাৰ বাবে জিলা আৰক্ষী আৰু জিলা প্ৰশাসনক দাবী জনাই ৷

লগতে পঢ়ক :ভোট গণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন

Last Updated : Apr 30, 2021, 1:42 PM IST

ABOUT THE AUTHOR

...view details