অসম

assam

ETV Bharat / state

বিপিএফ চৰকাৰে সাংস্কৃতিক দিশত কোনো পৰিকল্পনাই কৰা নাছিল: দাওবৈচা বড়ো - সাংস্কৃতিক বিভাগ

কোকৰাঝাৰ জিলাৰ থানাপাৰাত কোকৰাঝাৰ নৃত্য কলা একাডেমীৰ উদ্যোগত আৰু আইডিয়েল এন জি অ'ৰ (NGO) সহযোগত বুধবাৰে সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো আৰু কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীক সন্মৰ্ধনা জনায় ৷ পূৰ্বৰ বিপিএফ চৰকাৰখনে বিটিআৰ এলেকাৰ বিভিন্ন সাংস্কৃতিক দিশত জড়িত প্ৰতিভাবান  যুৱক - যুৱতী বা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দিশ উন্নয়ন কৰাৰ বাবে কোনো পৰিকল্পনাই গ্ৰহণ কৰা নাই নাছিল বুলিও অভিযোগ কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

Felicitations to executive member Dawaisa Boro and  MLA Lawrence Isleri At Kokrajhar
পূৰ্বৰ বিপিএফ চৰকাৰখনে সাংস্কৃতিক দিশত কোনো পৰিকল্পনাই কৰা নাছিল:দাওবৈচা বড়ো

By

Published : Jun 16, 2021, 11:05 PM IST

কোকৰাঝাৰ, 16 জুন :বিভিন্ন জাতি জনগোষ্ঠীৰ কলা-সংস্কৃতিৰে চহকী বিটিআৰ (BTR)ৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হ’ল সাংস্কৃতিক বিভাগ ৷ কিন্তু পূূূৰ্বৰ বিটিআৰ চৰকাৰে এলাগী কৰাৰ বাবে বিভাগটোৰ উন্নতি হোৱা নাই ৷ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে স্বয়ং বিটিআৰৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োই ৷

উল্লেখ্য যে, বুধবাৰে কোকৰাঝাৰ চহৰৰ থানাপাৰাত কোকৰাঝাৰ নৃত্য কলা একাডেমীৰ উদ্যোগত আৰু আইডিয়েল এন জি অ'(NGO)ৰ সহযোগত বিটিআৰৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো আৰু কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীক সন্মৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্টুপীয়াকৈ সভাৰ আয়োজন কৰে ৷

উক্ত সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিআৰ (BTR)ৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োই সাংবাদিকৰ আগত কয় যে, বিটিআৰৰ চাৰি জিলাত সাংস্কৃতিক বিভাগটোত আছে মাত্ৰ ৯ জন কৰ্মচাৰী ৷ এই ৯ জন কৰ্মচাৰীয়ে এটা বিভাগক কেনেকৈ চলাব পাৰিব বুলি প্ৰশ্ন উত্থাপন কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে, পূৰ্বৰ চৰকাৰে এলাগী কৰাৰ বাবে বিটিআৰৰ কোকৰাঝাৰ, চিৰাং ,বাগছা আৰু ওদালগুৰী জিলাৰ সাংস্কৃতিক বিভাগটো মাত্ৰ ৯ জন কৰ্মচাৰীৰে চলি আছে ৷ যাৰ বাবে বিটিআৰত সাংস্কৃতিক বিভাগত উন্নয়ন হোৱা নাই ৷

পূৰ্বৰ বিপিএফ চৰকাৰখনে সাংস্কৃতিক দিশত কোনো পৰিকল্পনাই কৰা নাছিল:দাওবৈচা বড়ো

পূৰ্বৰ বিপিএফ(BPF) চৰকাৰখনে বিটিআৰ এলেকাৰ বিভিন্ন সাংস্কৃতিক দিশত জড়িত প্ৰতিভাবান যুৱক-যুৱতী বা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দিশ উন্নয়ন কৰাৰ বাবে কোনো পৰিকল্পনাই গ্ৰহণ কৰা নাই নাছিল বুলিও অভিযোগ কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ ইপিনে কোকৰাঝাৰ চহৰৰ হাব্ৰবাৰীস্থিত একমাত্ৰ চৰকাৰী প্ৰাদেশীকৃত মিউজিক (MUSIC) এণ্ড ফাইন আৰ্টচ কলেজখন অধিক উন্নত কৰাৰ ব্যৱস্থা লোৱা হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক দিশ সুকীয়া সুকীয়াকৈ উন্নত কৰি তোলাৰ বাাবে বিটিআৰ চৰকাৰে ব্যৱস্থা ল'ব বুলি আশ্বাস প্ৰদান কৰে সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

উল্লেখ্য যে, কোকৰাঝাৰ নৃত্য কলা একাডেমীৰ অধ্যক্ষ প্ৰলয় দত্তই সঞ্চালনা কৰা সম্বৰ্ধনা অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো আৰু বিধায়ক লৰেন্স ইছলাৰীক একোখন সন্মৰ্ধনা পত্ৰ, ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানত কোকৰাঝাৰ নৃত্যকলা একাডেমি আৰু আইডিয়েল এন জি অ'ৰ কেইবাগৰাকী সদস্য উপস্থিত থাকে ৷

লগতে পঢ়ক-পতঞ্জলি উদ্যোগত হাতীৰ মৃত্যু : আজিও নহ’ল উচিত তদন্ত !

ABOUT THE AUTHOR

...view details