কোকৰাঝাৰ, ৬ আগষ্ট :গতানুগতিক শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি সাম্প্ৰতিক সময়ৰ সৈতে খাপ খোৱাকৈ বিটিআৰ অঞ্চলৰ বাবে এক নতুন শিক্ষা নীতি প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰখনে ৷ সেই মৰ্মে বিটিআৰৰ শিক্ষানীতিৰ খচৰা প্ৰস্তুতকৰণৰ বাবে গঠিত বিশেষজ্ঞ কমিটিৰ প্ৰথমখন বৈঠক শুকুৰবাৰে বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( চি আই টি )ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ।
বিটিআৰ শিক্ষানীতিৰ খচৰা প্ৰস্তুতকৰণৰ বিশেষজ্ঞ কমিটিৰ অধ্যক্ষ প্ৰমোদ বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত কমিটিৰ সদস্যসকল উপস্থিত থাকে। বৈঠকৰ অন্তত উক্ত কমিটিৰ অধ্যক্ষ তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত কয়, মূলত গুণগত শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্য লৈ বিটিআৰ শিক্ষানীতিৰ খচৰা প্ৰস্তুতকৰণৰ বিশেষজ্ঞ কমিটি গঠন কৰা হৈছে ৷ অহা দুমাহৰ ভিতৰত কমিটিখনে খচৰা প্ৰস্তুত কৰি উলিয়াব ।
প্ৰতিবছৰে হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে স্নাতক-স্নাতকত্তোৰ ডিগ্ৰী লাভ কৰে যদিও কৰ্মসংস্থান হাহাকাৰ কৰিবলগীয়া হয় ৷ এই সন্দৰ্ভত প্ৰমোদ বড়োৱে কয়, বৰ্তমান সময়ত যি বিলাক পাঠ্যক্ৰম পঢ়োৱা হয় সেইবিলাক পাঠ্যক্ৰমে ডিগ্ৰী বা চাৰ্টিফিকেট প্ৰদান কৰে ৷