অসম

assam

ETV Bharat / state

গোসাইগাঁৱত এন আৰ চিত অন্তৰ্ভুক্ত নহ’ল পাঁচ শতাধিক লোকৰ নাম, সৰ্বত্ৰে প্ৰতিক্ৰিয়া - চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পাঁচ শতাধিক লোকৰ নাম

১৯৭১ চনৰ পূৰ্বৰ নথি পত্ৰ জমা দি আৱেদন কৰাৰ পাছতো চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পাঁচ শতাধিক লোকৰ নাম ৷

এনআৰচিক লৈ গোসাইগাৱঁত হাহাকাৰ পৰিস্থিতি

By

Published : Sep 6, 2019, 11:23 AM IST


গোসাইগাঁও, 6 ছেপ্তেম্বৰঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপুত ভাৰতীয় হোৱাৰ পৰ্যাপ্ত নথি থকা স্বত্বেও এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । অভিযোগ অনুসৰি, সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও ৰাজহ চক্ৰ তথা ৰিপু মৌজাৰ শিমুলটাপু- গকুলকাটা অঞ্চলৰ প্ৰায় পাঁচ শতাধিক লোকৰ নাম ৷ উক্ত গাঁওখনৰ প্ৰায়সমূহ পৰিয়ালৰে দুজন বা এজন লোকৰ নাম এনআৰচিত অন্তৰ্ভূক্ত হৈছে কিন্তু বাদ পৰি ৰয় বাকীসকল সদস্যৰ নাম ৷

১৯৭১ চনৰ পূৰ্বৰ নথি পত্ৰ জমা দি আৱেদন কৰাৰ পাছতো কি কাৰণত তেওঁলোকৰ অধিকাংশৰ নাম চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে সেয়াই তেওঁলোকৰ প্ৰশ্ন ৷

তেওঁলোকৰ মতে, ১৯৬৪ চনত পূব পাকিস্তানৰ পৰা আহি চৰকাৰে বনাই দিয়া শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈছিল । পাছত চৰকাৰীভাৱে বসবাসৰ অনুমতি লাভ কৰে যদিও এন আৰ চিত প্ৰায় ৭০ শতাংশৰ নাম অন্তৰ্ভুক্ত নোহোৱাত অঞ্চলটোত হাহাকাৰৰ সৃষ্টি হৈছে। এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিক সকলক বিদেশী সজোৱাৰ চক্ৰান্ত চলিছে নেকি বুলি প্ৰশ্ন কৰি লোক সকলে কয় যে যে,"অসমত এন আৰ চিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত ভাৰতলৈ অহা শৰণাৰ্থী সকলক তেতিয়া (১৯৬৪ চন) চৰকাৰে প্ৰদান কৰা আৰ ই চাৰ্টিফিকেট, ৰেচন কাৰ্ড, ১৯৭০ চনৰ আগৰ ভূমিৰ নথি-পত্ৰ আদি জমা দি বৃহত্তৰ শিমুলটাপু অঞ্চলৰ শৰণাৰ্থী পৰিয়ালৰ সদস্য সকলে এন আৰ চিৰ আবেদন কৰিছিল ৷" চৰকাৰক বিষয়টোৰ গুৰুত্ব দিবলৈ আৰু নাম নথকা লোকসকলৰ নথি-পত্ৰ পুনৰীক্ষণ কৰি এন আৰ চিৰ চূড়ান্ত তালিকাত তেওঁলোকৰ নাম সন্নিবিষ্ট কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ অনুৰোধ জনায় ।

এনআৰচিক লৈ গোসাইগাৱঁত হাহাকাৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details