অসম

assam

ETV Bharat / state

Assam Police encounter in Kokrajhar : আৰক্ষীৰ গুলীত নিহত প্ৰাক্তন উগ্ৰপন্থী - Encounter in Kokrajhar

কোকৰাঝাৰ আৰক্ষীৰ এনকাউণ্টাৰত নিহত প্ৰাক্তন উগ্ৰপন্থী সদস্য (Ex militant killed in Assam police encounter)। জিলাখনৰ দুটাকৈ ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল প্ৰাক্তন উগ্ৰপন্থী সদস্যজন । ভাৰত-ভূটান সীমান্তৰ উল্টাপানীত সংঘটিত এই এনকাউণ্টাৰ (Encounter at Ultapani)।

Assam Police encounter in Kokrajhar
আৰক্ষীৰ গুলীত নিহত প্ৰাক্তন উগ্ৰপন্থী

By

Published : Apr 1, 2022, 2:10 PM IST

কোকৰাঝাৰ,১ এপ্ৰিল : কোকৰাঝাৰত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Assam Police encounter in Kokrajhar)। এইবাৰ আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত তথা উগ্ৰপন্থী সংগঠন এন.এল.এফ.বিৰ প্ৰাক্তন সদস্য । ভাৰত-ভূটান সীমান্তৰ উল্টাপানীত সংঘটিত হৈছে এই এনকাউণ্টাৰ (Encounter at Ultapani) । আৰক্ষীৰ গুলীত নিহত ডকাইতটোক গোসাইগাঁৱৰ কাশিয়াবাৰীৰ সঞ্জুলা ওৱাৰী বুলি চিনাক্ত কৰা হৈছে (Ex militant killed in Assam police encounter)।

কোকৰাঝাৰ আৰক্ষীৰ এনকাউণ্টাৰ

উল্লেখ্য যে, ভাৰত-ভূটান সীমান্তৰ মালিভিটা ইন্দ্ৰপুৰৰ বাসিন্দা কৃষ্ণে লুইটেলৰ ঘৰত ২৯ মাৰ্চৰ নিশা শূন্যলৈ গুলী ফুটাই ডকাইতৰ দলে লুটি নিছিল ৩ লাখ ৬০ হাজাৰ টকা । ওচৰৰে জৌমনাগুৰীৰ অবিনাশ মুছাহাৰী নামৰ আন এজন লোকৰ ঘৰতো অনুৰূপ ধৰণে নগদ দুই লাখ টকা আৰু সোণৰ অলংকাৰ লুটি লৈ গৈছিল ডকাইতৰ দলটোৱে । উক্ত ঘটনাৰ পাছতে আৰক্ষীয়ে ব্যাপক তদন্ত আৰম্ভ কৰে আৰু কোকৰাঝাৰ চেৰফাংগুৰী এলেকাৰ পৰা ডকাইতৰ দলটোৰ সদস্য তথা প্ৰাক্তন এনএলএফবি সদস্য সঞ্জুলা ওৱাৰীক আটক কৰে ।

আৰক্ষীৰ জেৰাত ওৱাৰীয়ে স্বীকাৰ কৰে যে উগ্ৰপন্থী সংগঠনৰ পৰা আত্মসমৰ্পন কৰা ১৪-১৫ গৰাকী সদস্যক লৈ তেওঁলোকে নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম দিছে । নতুনকৈ জন্ম হোৱা উগ্ৰপন্থী দলটোত বাৰ্খাও বসুমতাৰী, কেডাৰ নাৰ্জাৰীকে ধৰি আন কেইবাজনো সদস্য থকা বুলি সদৰী কৰে ওৱাৰীয়ে ।

ইফালে ডকাইতৰ দলটোৱে ধন আৰু সোণৰ অলংকাৰ ভাৰত-ভূটান সীমান্তৰ উল্টাপানীত লুকুৱাই থোৱা বুলি আৰক্ষীক অৱগত কৰে সঞ্জুলা ওৱাৰীয়ে । তাৰ পাছতে বৃহস্পতিবাৰে নিশা লুকুৱাই থোৱা ধন-সোণ উদ্ধাৰ কৰিবলৈ সঞ্জুলা ওৱাৰীক লগত লৈ আৰক্ষীয়ে উল্টাপানীত অভিযান চলায় । বন বিভাগৰ পৰিত্যক্ত এটা ঘৰৰ পিছফালে লুকুৱাই থোৱা ধন আৰু সোণৰ অলংকাৰসমুহ সঞ্জুলা ওৱাৰীয়ে দেখুৱাই দিয়ে । সামগ্ৰীবোৰ অনাৰ চলেৰে তাত থকা এটা পিষ্টল লৈ হঠাৎ আৰক্ষীক লক্ষ্য কৰি ওৱাৰীয়ে গুলীচালনা কৰে ।

আৰক্ষীৰ গুলীত নিহত প্ৰাক্তন উগ্ৰপন্থী

প্ৰাক্তন উগ্ৰপন্থীটোৰ গুলীয়ে এগৰাকী বিষয়াৰ বুলেটপ্ৰুফ জেকেটত আঘাত কৰে । তাৰ পাছতে আৰক্ষীয়েও বাধ্য হৈ গুলীচালনা কৰাত সঞ্জুলা ওৱাৰী গুৰুতৰভাৱে আহত হয় আৰু কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু চিকিৎসকে ওৱাৰীক মৃত ঘোষণা কৰে (Robber killed in Assam police encounter)। আৰক্ষীয়ে সংঘৰ্ষথলীৰ পৰা এটা ৭.৬৫ এম.এম পিষ্টল, ৪ জাঁই সজীৱ গুলী, ৪ টা খালী কাৰ্টিজ, নগদ এক লাখ টকা আৰু কিছুমান সোণৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Encounter in Rangia: আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details