কোকৰাঝাৰ, 30 আগষ্ট : মূল সুঁতিলৈ অহা প্ৰাক্তন কে এল অৰ সদস্য সমূহৰ সমস্যা সমাধানৰ দাবীত দেওবাৰে তামাৰহাটত সংবাদমেলৰ সম্বোধন কৰে । এই সংবাদমেলত উপস্থিত থাকে প্ৰাক্তন কে এল অৰ কেন্দ্ৰীয় উপ সভাপতি, নামনি অসমৰ জিলা সমিতিৰ সভাপতিকে আদি কৰি শীর্ষ নেতা কর্মী ।
কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা সমাধান, জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী সদস্য সকলৰ ৷ মূল সুঁতিলৈ অহাৰ সময়ত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ নকৰাৰ ফলত এতিয়া এশ এবুৰি সমস্যাত ভুগিছে এইসকল লোক । যাৰবাবে কে এল অ ৰ সমস্যা সমাধানৰ দাবীত এখন সংবাদমেল সম্বোধন কৰে ধুবুৰী জিলাৰ তামাৰহাটত ।
দেওবাৰে প্ৰাক্তন কে এল অৰ সদস্যৰ সংবাদমেল কে এল অৰ সমস্যা সমাধান কৰাৰ লগতে শেহতীয়াকৈ গঠন হ’বলগীয়া অটনমাছ কাউঞ্চিলত কে এল অৰ শীর্ষ নেতৃবৰ্গক স্থান দিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি সমূহ শীঘ্ৰে পূনৰ কৰিবলৈ চৰকাৰক দাবী জনায় । লগতে গভীৰ সংকটত ভুগি থকা প্ৰাক্তন কে এল অৰ সদস্য সমূহৰ জ্বলন্ত সমস্যা শীঘ্ৰে সমাধান নকৰিলে পুনৰ হাতত অস্ত্ৰ লোৱাৰ ভাবুকি প্ৰদান কৰে । সেয়েহে পুনৰ হাতত অস্ত্ৰ লোৱাৰ পূৰ্বে চৰকাৰে প্ৰাক্তন কে এল অৰ সমস্যা সমাধান কৰাৰ আহ্বান জনায় । ইয়াৰ উপৰিও কে এল অৰ প্ৰতিষ্ঠাপক উপ সভাপতি গৰাকীক কাউঞ্চিলত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে সংবাদ মেলত ।
লগতে চাওক-যান্ত্ৰিকতাৰ কোলাহলত অতিষ্ট হৈছে নেকি ? আহক এইখন গাঁৱলৈ..