কোকৰাঝাৰ, 16 জুলাই : সদৌ অসম বাঙালী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহানন্দ মজুমদাৰে দলৰ নীতি-নিয়মক আওকাণ কৰি একক ভাবে সংগঠনৰ কাম কাজ চলাই নিয়াত বুধবাৰে কেন্দ্ৰীয় সমিতিয়ে মহানন্দ মজুমদাৰক বহিস্কাৰ কৰি তেখেতৰ স্থানত ভাৰপ্ৰাপ্ত সভাপতি হিচাপে ৰতন কুমাৰ শেনক নিযুক্তি দিয়ে ৷
বুধবাৰে কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ 'ফুড প্লাজমা' নামৰ ৰেষ্টুৰেন্টত সদৌ অসম বাঙালী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক জৰুৰী সভা এখন সম্পন্ন হয় ৷ উক্ত সভাত পৰিষদৰ সাধাৰন সম্পাদক অজয় ভূষণ সৰকাৰৰ সভাপতিত্বত সাংগঠনিক দিশত আলোচনা কৰাৰ লগতে সংগঠন বিৰোধী কাৰ্যত লিপ্ত পৰিষদৰ সভাপতি মহানন্দ মজুমদাৰক বহিস্কাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ উপৰিও আগন্তক বিটিএডিৰ নিৰ্বাচনত হিন্দু বাঙালীৰ স্বাৰ্থত ভূমিকা কি হ'ব সেই বিষয়ক লৈ আজিৰ বৈঠকত কেন্দ্ৰীয় সমিতিয়ে বিটিএডি ক্ষেত্ৰীয় বাঙালী যুৱ ছাত্ৰ পৰিষদক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰে ৷